স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি সতীয়া পুত্ৰৰ সৈতে বিয়াত বহি বিশ্বজুৰি চৰ্চা লাভ কৰিছিল ৰাছিয়াৰ ব্লগাৰ মাৰিনা বালামাছেভাই। Image credits: Instagram/marina_balmasheva.
শ্বেকছপিয়েৰৰ ট্ৰেজেডিক জীৱন্ত কৰি তুলিছিল যেন তেওঁ। ‘অডিপাছ কমপ্লেক্সৰ’ সৈতে সম্পৃক্ত এই ঘটনা সংঘটিত হৈছিল যোৱা বছৰৰ মাজভাগত। দীঘলীয়া সময়ৰ পৰা বিবাহপাশত আৱদ্ধ হৈ থকা স্বামীক এৰি সতীয়া পুত্ৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাছিয়াৰ এইগৰাকী মহিলা। Image credits: Instagram/marina_balmasheva.
ওজন হ্ৰাস কৰাৰ টিপছ শ্বেয়াৰ কৰা ইণ্টাৰনেটত যথেষ্ট ফল’ৱাৰ থকা ৩৫বছৰীয়া মাৰিনা বালামাছেভা প্ৰেমত পৰিছিল নিজৰে সতীয়া পুত্ৰ ২১বছৰীয়া ভ্লাডিমিৰৰ। বিশ্ববিদ্যালয়ত পঢ়ি থকা ভ্লাডিমিৰে বন্ধত ঘৰলৈ আহোতে দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠে। Image credits: Instagram/marina_balmasheva.
৪৫বছৰীয়া স্বামী এলেক্সি ছাভৰিনৰ সৈতে দহবছৰ পূৰ্বে যেতিয়া মাৰিনা বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া ভ্লাডিমিৰ আছিল সাতবছৰীয়া। ডেইলী মেইলত প্ৰকাশিত বাতৰি অনুসৰি প্ৰাক্তন স্বামীয়ে বৰ্তমানে দুয়ো ইমান বছৰে তুলি লোৱা ৫টাকৈ সন্তানৰ প্ৰতিপালন কৰাত ব্যস্ত। Image credits: Instagram/marina_balmasheva.
দহ বছৰৰ বিয়াৰ পিছত এলেক্সিক মাৰিনাই বিবাহ বিচ্ছেদ দিয়ে। এলেক্সিয়ে প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আনিছিল তেওঁৰ পুত্ৰক যৌনতাৰে জালত ফচোৱাৰ। সকলো বিতৰ্কৰ মাজতে মাৰিনাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত আপলোড কৰিছে ভ্লাডিমিৰৰ ঔৰসত জন্ম দিয়া এটি কণমানি কন্যা সন্তানৰ ফটো। অৱশ্যে ভ্লাডিমিৰৰ ইচ্ছাত কন্যা সন্তানৰ মুখখন তেওঁ দেখুওৱা নাই। Image credits: Instagram/marina_balmasheva.
সম্পৰ্কটোৰ কাৰণে বিশ্বজুৰি বিভিন্ন পক্ষৰ নিন্দাৰ পিছত মাৰিনাই নিজৰ ফল’ৱাৰসকলক উদ্দেশ্যি লিখিছিল, ‘পৰিয়ালটো ধ্বংস কৰাক লৈ মোৰ আক্ষেপ আছে নে? হয় আৰু নহয় দুয়োটাই। মোৰ লাজ লাগিছিল যে মই ‘মা–দেউতাৰ’ ধাৰণাক বৰবাদ কৰিলো। মই প্ৰাক্তন স্বামীৰ ওচৰলৈ ঘূৰি যাব বিচাৰো নে? একেবাৰে নহয়। মোৰ তেওঁৰ প্ৰতি খং–ক্ষোভ আছে নে? এতিয়া আৰু নাই।’ দ্য চান’ত তেওঁৰ উদ্ধৃতিৰে এনেকৈ প্ৰকাশ পায়। Image credits: Instagram/marina_balmasheva.
দুটা ইংৰাজী ফুটবল ক্লাব লিভাৰপুল আৰু টটেনহম হটছপুৰৰ মাজত অনুষ্ঠিত হোৱা ইউৰোপীয় চেম্পিয়নছ লীগ ফাইনেলত আজৱ ঘটনা সংঘটিত হ’ল। যাৰ বাবে আধাতে সামৰিব লগা হ’ল খেল।
কিংছে ব’লানস্কী নামৰ এগৰাকী মডেলে প্ৰেমিক বিটালীৰ প’ৰ্ণ ছাইটক প্ৰম’ট কৰিবলৈ এনেদৰে প্ৰৱেশ কৰিছিল খেলৰ মাজতে। মডেলগৰাকীয়ে প্ৰেমিকৰ ৱেব ছাইটৰ নাম লিখি ৰাখিছিল ছুইমছুটৰ পাছফালে।
ব’লানস্কীয়ে খেলপথাৰত প্ৰৱেশ কৰা নিজৰ ভিডিঅ’ নিজেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। এই পোষ্টৰ পিছতে মডেলগৰাকীৰ ফল’ৱাৰ বাঢ়ি গৈ আছিল।
ওড়িশাৰ বালাচোৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰতাপ চন্দ্ৰ সাৰংগী। তেওঁ বিজেডিৰ প্ৰতিদ্বন্দ্বী ৰবীন্দ্ৰ কুমাৰ জেনাক ১২,৯৫৬ ভোটত পৰাস্ত কৰিছে। উল্লেখযোগ্য যে ২০১৪চনত তেওঁ লোকসভাত যুঁজি পৰাস্ত হৈছিল।
ছচিয়েল মিডিয়াত এইকেইদিন কেৱল প্ৰতাপ চন্দ্ৰ সাৰংগীৰে চৰ্চা। মানুহে তেওঁক ওড়িশাৰ মোদী আখ্যা দিছে। অবিবাহিত এইগৰাকী ব্যক্তি এটা জুপুৰীত বাস কৰে। আৰ্থিক দৈন্যৰ সৈতে যুঁজিও তেওঁ দীঘলীয়া সময় সমাজসেৱাত সক্ৰিয়ভাৱে জৰিত হৈ আছে।
বালাসোৰৰ গোপীনাথপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। উৎকল বিশ্ববিদ্যালয়ৰ ফকীৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। মানুহে কয় সৰুৰে পৰা আধ্যাত্মিকতাৰ সৈতে নিকট সম্পৰ্ক নৱ নিৰ্বাচিত সাংসদগৰাকীৰ।
এসময়ত ৰামকৃষ্ণ মঠত সাধু হোৱাৰ বাসনা আছিল ব্যক্তিগৰাকীৰ। কেইবাবাৰো তেওঁ মঠলৈ অহা যোৱাও কৰিছিল। কিন্তু যেতিয়া মঠৰ মানুহে গম পালে যে তেওঁৰ পিতৃ নাই আৰু মাতৃ অকলশৰীয়া মঠৰ মানুহে তেওঁক মাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায়।
তেওঁ বালাসোৰ আৰু ময়ুৰভঞ্জ জিলাৰ আদিবাসী এলেকাত কেইবাখনো বিদ্যালয় নিৰ্মাণ কৰিছে। তেওঁ চাইকেলেৰে অহা যোৱা কৰে।
মানুহে কোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰিয়পাত্ৰ এইগৰাকী ব্যক্তি। যেতিয়াই নৰেন্দ্ৰ মোদী ওড়িশালৈ যায় তেতিয়াই তেওঁক সাক্ষাৎ কৰে মোদীয়ে।
মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বীৰু দেৱগন।সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত, বীৰু দেৱগনক অন্তিম দৰ্শনৰ বাবে অজয়ৰ ঘৰত উপস্থিত হয় বলিউডৰ বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী।
মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই অজয় দেৱগনৰ ঘৰত উপস্থিত হয় অভিনেতাৰ পৰা নেতা হোৱা,পঞ্জাবৰ গুৰদাসপুৰ সমষ্টি সাংসদ ছানী দেউল আৰু অভিনেতা ববী দেউল।