মানৱতাৰ চৰম সীমা অতিক্ৰম কৰিলে ইৰানে! হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাক ওলমালে ফাঁচিকাঠত

News18 Assam | News18-Assam
Updated:February 24, 2021, 4:04 PM IST
মানৱতাৰ চৰম সীমা অতিক্ৰম কৰিলে ইৰানে! হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাক ওলমালে ফাঁচিকাঠত
ইৰাণী প্ৰশাসনে যি কোনো মূল্যতে জাহৰাক ফাঁচিকাঠত ওলমাব বিচাৰিছিল, যাতে আইনৰ অধীনত জাহৰাৰ শাহুৱেকে নিজৰ পুত্ৰৰ হত্যাৰ প্ৰতিশোধ ল'ব পাৰে।

ইৰাণী প্ৰশাসনে যি কোনো মূল্যতে জাহৰাক ফাঁচিকাঠত ওলমাব বিচাৰিছিল, যাতে আইনৰ অধীনত জাহৰাৰ শাহুৱেকে নিজৰ পুত্ৰৰ হত্যাৰ প্ৰতিশোধ ল'ব পাৰে।

  • Share this:
মহিলাগৰাকীৰ নাম জাহৰা ইছমাইলী। তেওঁৰ দুটা সন্তান আছে আৰু স্বামীয়ে জাহৰা আৰু তেওঁৰ সন্তানক প্ৰায়ে মাৰপিট কৰিছিল। যাৰ বাবে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি জাহৰাই এদিন হত্যা কৰিছিল স্বামীক।

দৰাচলতে ইৰাণৰ এগৰাকী মহিলাই প্ৰতিদিনে নিৰ্যাতন চলাই অহা স্বামীক হত্যা কৰিছিল। যাৰ বাবে মহিলাগৰাকীক ফাঁচিৰ শাস্তি দিবলৈ শুনানি গ্ৰহণ কৰা হৈছিল। কিন্তু ফাঁচিৰ পূৰ্বেই হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হয় মহিলাগৰাকীৰ। কিন্তু ইতিপূৰ্বে মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ শৰীৰ ফাঁচিকাঠত ওলমোৱা হয়। তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামী আছিল এগৰাকী ইৰাণী চোৰাংচোৱা বিষয়া। ফাঁচিৰ এই ঘটনা তেহৰানৰ বাহিৰৰ এলেকা কৰাজৰ ৰজাই চহৰৰ জে’লত সংঘটিত হৈছিল।

যি ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে এতিয়া বিশ্ববাসীৰ নিন্দাৰ পাত্ৰ হৈ পৰিছে ইৰাণ।কাৰাবন্দী হৈ থকা মহিলাগৰাকী অধিবক্তাৰ ভাষ্য অনুসৰি, মহিলাগৰাকীৰ নাম জাহৰা ইছমাইলী। তেওঁৰ দুটা সন্তান আছে আৰু স্বামীয়ে জাহাৰা আৰু তাইৰ সন্তানক প্ৰায় প্ৰতিদিনেই মাৰপিট কৰিছিল। যাৰ বাবে স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি জাহৰাই নিজৰ স্বামীক হত্যা কৰিছিল। যিহেতু ইৰাণৰ আইন অতি কঠোৰ তেনেস্থলত জাহৰাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।

ইৰাণী প্ৰশাসনে যি কোনো মূল্যতে জাহৰাক ফাঁচিকাঠত ওলমাব বিচাৰিছিল, যাতে আইনৰ অধীনত জাহৰাৰ শাহুৱেকে নিজৰ পুত্ৰৰ হত্যাৰ প্ৰতিশোধ ল'ব পাৰে। জাহৰাৰ অধিবক্তাজনে সংবাদ মাধ্যমক লগতে কৈছিল যে, জাহৰাৰ পূৰ্বে তাত ১৬জন লোকক ফাঁচি প্ৰদান কৰাৰ কথা আছিল। সেয়েহে ইয়াৰ পূৰ্বেই ভয় আৰু চাপৰ বাবে হৃদযন্ত্ৰ বন্ধ হৈ  মৃত্যুবৰণ কৰে জাহৰাই।

অধিবক্তাগৰাকীয়ে জনায় যে, প্ৰশাসনে মানৱতা পাহৰি মহিলাগৰাকীৰ মৃত শৰীৰৰ হাত বান্ধি ছিল আৰু তাইক টুল এখন বহুৱাই দিছিল। জাহৰাৰ শাহুৱেকে টুলখনত এটা গোৰ মাৰিছিল আৰু জাহৰাৰ মৃত শৰীৰটো ফাঁচিত ওলমিবলৈ লৈছিল।
Published by: Sanjay Kumar Das
First published: February 24, 2021, 4:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি