পত্নী আৰু ৬ সন্তান থকাৰ পিছতো অনলাইন যুৱতীৰ সৈতে প্ৰেম, যুৱতীয়ে ‘উলংগ’ কৰিলে প্ৰতাৰক প্ৰেমিকক!
ইণ্টাৰনেটৰ পৰা এজন অচিনাকি ব্যক্তিক লগ পোৱাৰ আগতে নাদিয়াই এৰিকৰ বিষয়ে ফেচবুকত অনুসন্ধান কৰি চাইছিল।
ইণ্টাৰনেটৰ পৰা এজন অচিনাকি ব্যক্তিক লগ পোৱাৰ আগতে নাদিয়াই এৰিকৰ বিষয়ে ফেচবুকত অনুসন্ধান কৰি চাইছিল।
- News18 Assam
- Last Updated: February 28, 2021, 1:23 PM IST
ইণ্টাৰনেটৰ যুগত আমাৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰ সন্ধান ইণ্টাৰনেটত কৰা দেখা যায়। ইয়াৰ ব্যক্তিক্ৰম নহয় প্ৰেম সন্ধানৰ ক্ষেত্ৰতো। ইণ্টাৰনেটত প্ৰেমৰ সন্ধান কৰা বৰ্তমান সময়ৰ এক সাধাৰণ প্ৰৱণতা। আধুনিক প্ৰযুক্তিয়ে আপোনাৰ সম্ভাৱ্য প্ৰেমিক–প্ৰেমিকাৰ সৈতে আপোনাক লগ কৰাবলৈ যথেষ্ট তৎপৰ। কিন্তু আপুনি অনলাইনযোগে পছন্দ কৰা ব্যক্তিগৰাকীৰ সঠিক বাচনি কৰাৰ ক্ষেত্ৰত প্ৰতাৰণা লাভৰ অধিক সম্ভাৱনা থাকে কিয়নো ইণ্টাৰনেটত ব্যক্তিগৰাকীয়ে তেওঁৰ সম্পূৰ্ণ শুদ্ধ তথ্য নিদিবও পাৰে। এগৰাকী মহিলাই টিণ্ডাৰত এজন পুৰুষৰ সৈতে মেটচিঙৰ পিছত একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলাণ্টা নিবাসী নাদিয়া নামৰ এগৰাকী যুৱতীয়ে জনপ্ৰিয় ডেটিং এপ ‘টিণ্ডাৰ’ত এৰিক নামৰ এজন লোকৰ সৈতে প্ৰেমত পৰিছিল। কিন্তু তেওঁলোকৰ অনলাইন প্ৰেমে অন্য এটা মোৰ লয়, যেতিয়া নাদিয়াই লোকজন ছয়টা ল’ৰা-ছোৱালীৰ পিতৃ বুলি গম পায়।
টিকটকত হোৱা তেওঁলোকৰ বাৰ্তালাপৰ স্ক্ৰীণশ্বটবোৰ নাদিয়াই শ্বেয়াৰ কৰি কয় প্ৰথম অৱস্থাত এৰিকৰ কথা-বতৰা মসৃণভাৱে আৰু প্ৰতিশ্ৰুতিদায়ক আছিল। কিয়নো তেওঁ নাদিয়াৰ দৰে ‘এগৰাকী গহীন মহিলা’ বিচাৰিছিল। নাদিয়াই লোকজনক কাৰোবাৰ সৈতে ৰিলেচনশ্বিপত আছে নেকি বুলি সোধা প্ৰশ্নত তেওঁ নাই বুলি কৈছিল।
তেওঁলোকৰ কথোপকথনৰ আৰম্ভণি ভালদৰে আৰম্ভ হোৱৰ পিছত, পৰৱৰ্তী শনিবাৰত তেওঁলোকে লগ পোৱাৰ সিদ্ধান্ত লৈছিল। ইণ্টাৰনেটৰ পৰা এজন অচিনাকি ব্যক্তিক লগ পোৱাৰ আগতে নাদিয়াই এৰিকৰ বিষয়ে ফেচবুকত অনুসন্ধান কৰি চাইছিল। ফেচবুকত নাদিয়াই আৱিষ্কাৰ কৰিছিল যে এৰিক বিবাহিত আৰু ছয়টা সন্তানৰ পিতৃ। নাদিয়াই এৰিকৰ পত্নীৰ ফেচবুক প্ৰ'ফাইল চাই নিশ্চিত হৈছিল যে তেওঁলোকৰ ছয়টা সন্তান আছে।
ডেটত তেওঁক লগ পোৱাৰ আগতে নাদিয়াই লগত এগৰাকী মহিলা বন্ধুক নিব পাৰিব নেকি বুলি সুধিছিল। এৰিকে এই কথাত সন্মতি প্ৰদান কৰিছিল। তেতিয়া নাদিয়াই এৰিক আৰু তেওঁৰ পত্নীৰ ফটো এখন পঠিয়াইছিল। তাই কৈছিল এখেত আমাৰ ডেটৰ ‘বিশেষ অতিথি’ হিচাপে থাকিব। এই মেছেজ পোৱাৰ পিছত এৰিক বিভ্ৰান্ত হোৱাৰ লগতে আচৰিত হয়। নাদিয়াৰ পৰৱৰ্তী প্ৰশ্নত তেওঁ কয় যে তেওঁ তাইৰ সৈতে প্ৰেমৰ খেল খেলিবলৈ চেষ্টা কৰা নাছিল কিয়নো তেওঁ কিবা এটাৰ মাজেৰে গৈ আছে আৰু এতিয়াও তাইক ক'বলৈ সাজু নহয়। নাদিয়াই প্ৰৱঞ্চকজনৰ কথা এনেদৰে ফাদিল কৰা বিষয়টো সকলোৱে প্ৰশংসা কৰিছে।












