ছচিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় এইগৰাকী বিশিষ্ট অভিনেতাৰ বিষয়ে জানেনে? কিদৰে ছচিয়েল মিডিয়াত ভাইৰেল হ'ল অভিনেতাজন?
অচিতা ইমে! আমি ছচিয়েল মিডিয়াৰ বিভিন্ন মিমত দেখিবলৈ পোৱা এখন চিনাকী মুখ।
অচিতা ইমে! আমি ছচিয়েল মিডিয়াৰ বিভিন্ন মিমত দেখিবলৈ পোৱা এখন চিনাকী মুখ।
- News18 Assam
- Last Updated: January 25, 2021, 1:15 PM IST
অচিতাৰ জন্ম হৈছিল ১৯৮২ চনৰ ২০ ফেব্ৰুৱাৰীত। নাইজেৰিয়াতে স্কুলীয়া শিক্ষা শেষ কৰিছিল দেশখনৰ জনপ্ৰিয় অভিনেতাজনে। অচিতা কম্পিউটাৰ চাইন্স বিষয়ত স্নাতক।
সৰুতে অচিতাই ফুটবলাৰ হোৱাৰ সপোন দেখিছিল। কিন্তু পিছলৈ অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈ পৰে অভিনেতাজন। কিন্তু যেতিয়া তেওঁ প্ৰথমবাৰলৈ ফিল্মৰ অডিশ্যন দিবলৈ গৈছিল তেতিয়া নিজৰ কম উচ্চতাৰ বাবে নিৰ্বাচিত হোৱা নাছিল। কিন্তু তাৰ পিছতো অভিনেতাজনে হেৰুওৱা নাছিল মনোৱল।
বহুতে অভিনেতাজনৰ বয়স ৩৮ বছৰ বুলি বিশ্বাস নকৰে। দেখাত সৰু লৰাৰ দৰে এইজন অচিতা ইমে নাইজেৰিয়াৰ ছুপাৰষ্টাৰ। কিন্তু নিজৰ কম উচ্চতাক সদায় ধনাত্মক ভাবে লৈ আহিছে অভিনেতাজনে।
অভিনয়ৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে বিভিন্ন বঁটাও লাভ কৰিছে অচিতা ইমেই। ২০০৭ চনত আফ্ৰিকা মুভি একাডেমীয়ে ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অচিতালৈ আগবঢ়াই জীৱন জোৰা সাধনা বঁটা।
উল্লেখ্য যে, অচিতাৰ এনেবোৰ মিম শ্বেয়াৰ হোৱাৰ মূলতে আছে নিক'ল নামৰ এগৰাকী ব্ৰাজিলিয়ান মহিলা। নালীউদ নামৰ এটা পেজ চলাই নিক'লে। আৰু নিজৰ পেজত মহিলাগৰাকীয়ে অচিতাই অভিনয় কৰা ছবিৰ বিভিন্ন ক্লীপ আপলোড কৰা আৰম্ভ কৰে। আৰু সই ভিডিঅ'ৰ পৰাই মিম বনোৱা আৰম্ভ হয়।












