Optical Illusionঃ এই ভাইৰেল ছবিখনত আছে চাৰিখন হাত, ধৰিব পাৰিছেনে?
একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে তেওঁলোকে ইয়াৰ আগত কেতিয়াও এনেধৰণৰ কেম’ফ্ল’জ দেখা নাই। এইয়া সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকে সঠিকভাৱে জুম কৰাৰ পিছততে চতুৰ্থ হাতখনৰ অৱস্থিতি ধৰা পেলাব পাৰিছে।
একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে তেওঁলোকে ইয়াৰ আগত কেতিয়াও এনেধৰণৰ কেম’ফ্ল’জ দেখা নাই। এইয়া সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকে সঠিকভাৱে জুম কৰাৰ পিছততে চতুৰ্থ হাতখনৰ অৱস্থিতি ধৰা পেলাব পাৰিছে।
- News18 Assam
- Last Updated: February 18, 2021, 5:22 PM IST
My brain refuses to believe there are 4 people in this photo pic.twitter.com/GOwglY3vyw
— Jen Gentleman 🌺 (@JenMsft) February 14, 2021
হাইকাৰৰ দলটোৱে পৰ্বত এখনৰ এটা মূৰত এটা ট’ষ্ট ডাঙি ধৰা দেখা গৈছে। ফটোখনত পোনকৈ চাৰিটা বটল আৰু তিনিখন হাত দেখা যায়। চছিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে চতুৰ্থ বটলটো ধৰি থকা হাতখন নিৰ্ধাৰণ কৰিবলৈ যথেষ্ট দ্বিধাৰ সন্মুখীন হৈছে। কিয়নো ফটোখনত চাৰিটা বটল স্পষ্টভাৱে দেখা যায় যদিও চতুৰ্থ বটলটো ধৰি থকা হাতখনৰ কোনো অৱস্থিতি নাই।
অৱশ্যে আপুনি যদি মনোযোগেৰে ফটোখন লক্ষ্য কৰে তেন্তে আপোনাৰ দ্বিধা আঁতৰিব আৰু চতুৰ্থ হাতখনৰ অৱস্থিতি জানিব পাৰিব।
My brain refuses to believe there are 4 people in this photo pic.twitter.com/GOwglY3vyw
— Jen Gentleman 🌺 (@JenMsft) February 14, 2021
জেন জেণ্টলমেন নামৰ ব্যক্তিজনে “ফটোখনত ৪ খন হাত আছে যে সেই কথা মোৰ মস্তিস্কই অস্বীকাৰ কৰিছিল” বুলি কেপচন লিখি ফটোখন শ্বেয়াৰ কৰিছিল। ইয়াৰ ৰিপ্লাই হিচাপে বহুতে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। এজনৰ মতে তেওঁ প্ৰথমবাৰৰ বাবে এনেধৰণৰ কেমিঅ’ প্ৰিণ্ট দেখিছে যিয়ে এনেধৰণৰ কাম কৰিবলৈ সক্ষম হৈছে। আন এজনৰ মতে তেওঁ এনধৰণৰ কেম’ ৱৰ্ক আগতে কেতিয়াও দেখা নাই।
আন একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে তেওঁলোকে ইয়াৰ আগত কেতিয়াও এনেধৰণৰ কেম’ফ্ল’জ দেখা নাই। এইয়া সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকে সঠিকভাৱে জুম কৰাৰ পিছততে চতুৰ্থ হাতখনৰ অৱস্থিতি ধৰা পেলাব পাৰিছে।