বুলগেৰীয়াত চমক সৃষ্টি কৰিছে অসমৰ মহিলা বক্সাৰ ভাগ্যৱতী কছাৰীয়ে

News18 Assam | News18-Assam
Updated:February 25, 2021, 9:29 PM IST
বুলগেৰীয়াত চমক সৃষ্টি কৰিছে অসমৰ মহিলা বক্সাৰ ভাগ্যৱতী কছাৰীয়ে
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেণ্ডজা মেমৰিয়েল বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ ভাগ্যৱতী কছাৰীয়ে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেণ্ডজা মেমৰিয়েল বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ ভাগ্যৱতী কছাৰীয়ে।

  • Share this:
ভাল খবৰ কঢ়িয়াইছে বক্সাৰ ভাগ্যৱতী কছাৰীয়ে। বুলগেৰীয়াৰ ৰাজধানী চহৰ ছফিয়াত চমক সৃষ্টি কৰিছে অসমৰ সফল মহিলা বক্সাৰ ভাগ্যৱতী কছাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেণ্ডজা মেমৰিয়েল বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ ভাগ্যৱতী কছাৰীয়ে।

বুলগেৰীয়াৰ ছফিয়াত চলি থকা ৭২ সংখ্যক ষ্টেণ্ডজা মেমৰিয়েল বক্সিঙৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ ৭৫ কেজি শাখাত ভাগ্যৱতীয়ে পৰাস্ত কৰে ৰাছিয়ান বক্সাৰ আন্নাক। প্ৰতিপক্ষ ৰাছিয়ান শক্তিশালী বক্সাৰ গৰাকীক ৫-০ ব্যৱধানত পৰাস্ত কৰে ভাগ্যৱতী কছাৰীয়ে।

আইবা বিশ্ব মহিলা বক্সিঙৰ লগতে ইণ্ডিয়া অপেনতো ভাৰতীয় দলৰ বাবে পদক অৰ্জন কৰিছে ওদালগুৰিৰ ভাগ্যৱতী কছাৰীয়ে। সফল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ ভাগ্যৱতী কছাৰীৰ সফলতাত উৎফুল্লিত অসম এমেছাৰ বক্সিং সন্থা। ৰাজ্যিক বক্সিং সন্থাটোৱে ভাগ্যৱতী কছাৰীক কোৱাৰ্টাৰ ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
Published by: Himangshu Bhuyan
First published: February 25, 2021, 9:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি