নিজ কন্যাৰ নগ্ন ফটো প্ৰেৰণ কৰি কিশোৰক যৌন উৎসাহ! ৩৫ বছৰৰ কাৰাদণ্ড মহিলাক
নিজৰ পৰিচয় গোপনে ৰাখি কন্যাৰ ফটো দি বন্ধুত্ব কৰিছিল মহিলাগৰাকীয়ে।
নিজৰ পৰিচয় গোপনে ৰাখি কন্যাৰ ফটো দি বন্ধুত্ব কৰিছিল মহিলাগৰাকীয়ে।
- News18 Assam
- Last Updated: January 15, 2021, 11:17 AM IST
১১ জানুৱাৰীত পেনছিলভেনিয়া আদালতে মহিলাগৰাকীক ৩৫ বছৰৰ জে’ল ঘোষণা কৰে। ৪৫ বছৰীয়া লিণ্ডা পাওলিনি এগৰাকী বিকৃত মানসিকতাৰ ব্যক্তি। কন্যাৰ সৈতে পেনছিলভেনিয়াৰ এক স্থান থাকে। কিছুদিন পূৰ্বে ইনষ্টাগ্ৰাম প্লেটফৰ্মত সেই কিশোৰজনৰ সৈতে পৰিচয় হৈছিল লিণ্ডাৰ। নিজৰ পৰিচয় গোপনে ৰাখি কন্যাৰ ফটো দি বন্ধুত্ব কৰিছিল মহিলাগৰাকীয়ে। তাৰ পিছতে কিশোৰটিক অশ্লীল ফটো–ভিডিঅ’ প্ৰেৰণ কৰিবলৈ বাধ্য কৰায়। ইমানেই নহয়, নিজ কন্যাৰ নগ্ন ফটোও কিশোৰজনলৈ পঠিয়াইছিল লিণ্ডাই।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে দুয়োৰে মাজত কিছু মাহ ধৰি কথা–বাৰ্তা চলিছিল। প্ৰায় ৫০ হাজাৰ মেছেজ আদান–প্ৰদান হৈছিল। তাৰ পিছত কিশোৰজন লিণ্ডাৰ প্ৰতি অধিক আকৰ্ষিত হয়। কিশোৰটিলৈ ভিডিঅ’ কল কৰিছিল যদিও নিজৰ মুখ দেখুওৱা নাছিল মহিলাগৰাকীয়ে। তাৰ পিছত কিশোৰটিক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল। আৰক্ষীৰ তদন্তত ওলাই পৰে যে মহিলাগৰাকীয়ে কেৱল সেই কিশোৰজনৰে সৈতেই নহয়, আন দুই কিশোৰৰ সৈতেও একেই আচৰণ কৰিছিল। আদালতত হাজিৰ কৰাৰ পিছত লিণ্ডাই নিজৰ দোষ স্বীকাৰ কৰে। ৩৫ বছৰৰ কাৰাদণ্ডসহ ১৫ হাজাৰ ডলাৰ জৰিমনা বিহা হৈছে মহিলাগৰাকীক।












