মানুহ নহয় কিন্তু বৰফৰ ওপৰত দৌৰি আছে ‘কিবা’ এটা! ছবিখন ভালকৈ চাই চিনাক্ত কৰাৰ আহ্বান
Optical Illusion Image
Optical Illusion Image:এয়া হ'ব পাৰে বৰফৰ এলেকাত উপলব্ধ কোনো প্ৰজাতিৰ ভালুক অথবা কুকুৰ !
- News18 Assam
- Last Updated: February 12, 2021, 10:11 AM IST
কিয়নো যদিহে ছবিখন আপুনি লক্ষ্য কৰে , তেন্তে পোনচাটে ছবিখনত এগৰাকী লোকে বৰফাবৃত্ত এলেকাত দৌৰি থকা যেন লাগিব আপোনাৰ। কিন্তু বাস্তৱত ছবিখন তেনেকুৱা হয় জানো ?
ফটোখন লক্ষ্য কৰিলে ক'লা উমাল কাপোৰ পৰিহিত এগৰাকী ব্যক্তিয়ে বৰফাবৃত্ত এলেকাত ওপৰলৈ গৈ আছে । কিন্তু যদিহে আপুনি ছবিখন ভালকৈ লক্ষ্য কৰে তেন্তে আপুনি ছবিখনৰ কিছু ব্যতিক্ৰমী কথা মন কৰিব । দৰাচলতে ভালকৈ লক্ষ্য কৰিলে উপলব্ধি কৰিব যে, এয়া মানুহ নহয়, এটা বৰফৰ এলেকাত থকা জন্তুহে। সম্ভৱঃ এয়া হ'ব পাৰে বৰফৰ এলেকাত উপলব্ধকোনো প্ৰজাতিৰ ভালুক অথবা কুকুৰ।
An optical illusion for tonight. First you see a man running into the snow ... and then ... pic.twitter.com/R9Lj1mlR5X
— nxthompson (@nxthompson) February 4, 2021
বাতৰি যুগুতোৱা পৰ্যন্ত নিক'লচ থাম্পচনৰ এই ছবিখনত ২ লাখৰো অধিক লাইক আছিল আৰু ২৮ হাজাৰৰো অধিক ৰি টুইট আছিল। ছ'চিয়েল মিডিয়াত এই ছবি ইতিমধ্যে ভাইৰেল হোৱাৰ লগতে ইয়াৰ সৈতে ব্যস্ত হৈ পৰিছে বহু লোক । ব্যক্ত কৰিছে নিজৰ নিজৰ ভাৱো।
উল্লেখ্য যে, নিক'লচ থাম্পচন হৈছে এগৰাকী আমেৰিকান সাংবাদিক। নিক'লচে নিজৰ টুইটাৰত ভিন্নসময়ত এনে ছবি পূৰ্বেও দি আহিছে ।












