নৃশংস! যুৱতীক হত্যা কৰি কলিজা উলিয়াই আলুৰ সৈতে ভাজি খালে যুৱকে! খোৱালে পৰিয়ালৰ লোককো
নৃশংসতাৰ যেন চূড়ান্ত সীমা অতিক্ৰম কৰিলে।
নৃশংসতাৰ যেন চূড়ান্ত সীমা অতিক্ৰম কৰিলে।
- News18 Assam
- Last Updated: February 27, 2021, 9:46 PM IST
বৃহস্পতিবাৰে এই ঘটনাটো সংঘটিত হৈছে অক্লাহোমৰ চিকাস চহৰত। যুৱক জনৰ নৃশংসতা আৰু বর্বৰতা ইমানতেই ক্ষান্ত থকা নাই। যুৱকজনে আনকি নিজৰ ককাক, আইতাক আৰু ৪ বছৰীয়া ভতিজাককো আক্ৰমণ কৰে।
অক্লাহোমৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই জনোৱা মতে, অভিযুক্ত লৰেঞ্চ পল এণ্ডাৰছনে তেওঁৰ প্ৰতিৱেশী অন্দ্ৰীয়া লিন ব্লেনকেংশিপক হত্যা কৰি কলিজা উলিয়াই আনি আলু সৈতে আঞ্জা ৰান্ধে। আৰু সেইদিনাই ঘৰলৈ ঘূৰি অহা নিজৰ ককাক আৰু ৪ বছৰীয়া ভতিজাকক আক্ৰমণ কৰে। এই কাৰ্যত বাধা দিবলৈ যোৱা আইতাককো চুৰিৰে আঘাত কৰে লৰেঞ্চে।
যুৱকজনে ড্ৰাগছ সেৱন কৰি এনে কৰে বুলি জানিব পৰা গৈছে।ইতিমধ্যে আৰক্ষীৰ ওচৰত নিজৰ দোষ স্বীকাৰ কৰিছে যুৱকজনে। বৰ্তমান যুৱকজনক চিকিৎসা কৰি জে'ললৈ প্ৰেৰণ কৰিছে তদন্তকাৰী সংস্থাই।












