আদালতত গোচৰ চলি থকাৰ মাজতে সংগমত লিপ্ত হ’ল উকিল, অস্বস্তিত পৰিল সকলো, তাৰ পিছত...
প্ৰতীকী ফটো
দেখা গ’ল, তেওঁ নিজকে নগ্ন কৰি পেলাইছে। আৰু ঘৰত উপস্থিত এগৰাকী নগ্ন নাৰীৰ আহ্বানক সঁহাৰি দিবলৈ আগবাঢ়িছে।
- News18 Assam
- Last Updated: February 2, 2021, 4:50 PM IST
অধিবক্তাজনৰ নাম হেক্টৰ ছিপ্ৰিয়ানো পেৰাডেজ ৰোবলজ। জনা গৈছে যে যিটো গোচৰৰ সৈতে তেওঁ জড়িত আছিল, তাত পেৰুৰ কুখ্যাত লোকেল ক্ৰিমিনেল গেং লছ জেড ডে চাঞ্চামায়োৰ শুনানি চলিছিল। ভাৰ্ছুৱেল ছেছনত কনফাৰেন্স ভিডিঅ’ কলত সংযুক্ত হৈ আছিল সকলো। নিজৰ মন্তব্যখিনি কোনোমতে ৰাখিয়ে আনফালে গুৰুত্ব দিয়াৰ প্ৰয়োজনবোধ নকৰিলে ৰোবলজে। দেখা গ’ল, তেওঁ নিজকে নগ্ন কৰি পেলাইছে। আৰু ঘৰত উপস্থিত এগৰাকী নগ্ন নাৰীৰ আহ্বানক সঁহাৰি দিবলৈ আগবাঢ়িছে। ইয়াৰ পিছত ভিডিঅ’ত তেওঁৰ যৌনকৰ্মৰ সমগ্ৰ দৃশ্য দেখিবলৈ পায় ভিডিঅ’ কনফাৰেন্সত জড়িত সকলোৱে।
স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে ৰোবলজে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল, কিন্তু বাকীসকলে কি কৰিছিল? তেওঁলোকে সমগ্ৰ দৃশ্য চালে কিয়? গোচৰটোৰ সৈতে জড়িত কেইবাজনেও এই দৃশ্য দেখি চিঞৰ–বাখৰ কৰি সতৰ্ক কৰাৰ চেষ্টা কৰিছিল। কিন্তু ৰোবলজে ভিডিঅ’ মিউট কৰি ৰখাৰ ফলত একো নুশুনিলে। আনহাতে, প্ৰধান বিচাৰপতিয়ে বহু চেষ্টা কৰিও কনফাৰেন্সৰ পৰা ৰোবলজক আঁতৰাবলৈ সক্ষম নহ’ল। ফলত সকলোৰে চকুৰ সন্মুখতে ঘটিল এই সমগ্ৰ ঘটনা।












