ন’বেল বঁটাৰ দৌৰত গ্ৰেটা থুনবাৰ্গ, নৱেলনী, WHO, কিন্তু ড’নাল্ড ট্ৰাম্পক শান্তিৰ ন’বেল বঁটাৰ বাবে কিয় মনোনীত?
এই বৰ্ষৰ ন’বেল পুৰষ্কাৰৰ (Nobel Prize 2021) কাৰণে নামাংকনৰ প্ৰক্ৰিয়া ৩১জানুৱাৰীত বন্ধ হৈছে। নমিনেশ্যন সন্দৰ্ভত বিচাৰ কৰাৰ পিছত অক্টোবৰত পুৰষ্কাৰৰ ঘোষণা কৰা হ’ব। জানক এইবছৰ মুখ্য দাবীদাৰ (Nominations for Nobel) কোন আৰু কিয়?
এই বৰ্ষৰ ন’বেল পুৰষ্কাৰৰ (Nobel Prize 2021) কাৰণে নামাংকনৰ প্ৰক্ৰিয়া ৩১জানুৱাৰীত বন্ধ হৈছে। নমিনেশ্যন সন্দৰ্ভত বিচাৰ কৰাৰ পিছত অক্টোবৰত পুৰষ্কাৰৰ ঘোষণা কৰা হ’ব। জানক এইবছৰ মুখ্য দাবীদাৰ (Nominations for Nobel) কোন আৰু কিয়?
- News18 Assam
- Last Updated: February 1, 2021, 11:53 AM IST
এটা বাতৰি সংস্থাই নৰৱেৰ আইন প্ৰস্তুতকৰ্তাৰ সৈতে কথা–বতৰাৰ আলমত যি চাৰ্ভে প্ৰকাশ কৰিছে সেইটোৰ মতে বিশ্ব স্বাস্থ্য সংগঠন আৰু তেওঁলোকৰ COVAX কাৰ্যসূচীক ন’বেলৰ শান্তি পুৰষ্কাৰৰ কাৰণে নামাংকিত কৰা হৈছে। এইটো তাৎপৰ্যপূৰ্ণ এই কাৰণেই যে নৰৱেৰ আইন প্ৰণয়নকৰ্তাই সাধাৰণতে যাক বাচনি কৰে প্ৰায়ে তেওঁলোকেই ন’বেল জয় কৰে।
ন’বেল কমিটীয়ে কি কয়?
ন’বেল পুৰষ্কাৰৰ কাৰণে কেইবাধৰণে প্ৰস্তাৱ মনোনয়ন হিচাপে কমিটীয়ে লাভ কৰে। বিশ্বজুৰি দেশৰ সংসদসমূহে মনোনয়ন পঠিয়ায়। ইয়াৰ বাহিৰে প্ৰাক্তন ন’বেল বিজেতাইও পুৰষ্কাৰৰ কাৰণে কাৰোবাৰ নাম প্ৰেৰণ কৰিব পাৰে। শেহতীয়া খবৰ মতে ২০২১ৰ ন’বেল বঁটাৰ কাৰণে দেওবাৰে মনোনয়ন প্ৰক্ৰিয়া বন্ধ কৰা হৈছে। এতিয়া সিদ্ধান্ত কমিটীৰ হাতত।
এইবাৰৰ মুখ্য মনোনয়ন এইসমূহ
আন্তঃৰাষ্ট্ৰীয় খবৰ মতে পৰিৱেশ আৰু ক্লাইমেট চেঞ্জক লৈ অগ্ৰণী কৰ্মী হিচাপে উদ্ভাসিত হোৱা কিশোৰী গ্ৰেটা থুনবাৰ্গৰ নাম প্ৰস্তাৱ কৰা হৈছে। ন’বেলৰ শান্তি পুৰষ্কাৰৰ কাৰণে গ্ৰেটাৰ নাম ফ্ৰাইডে ফ’ৰ ফিউচাৰৰ দৰে অভিযান আৰম্ভ কৰাৰ কাৰণে নামাংকন কৰা হৈছে। আনহাতে ৰাছিয়াত শান্তিপূৰ্ণভাৱে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰা এলেক্সী নৱেলনীৰ নামো প্ৰস্তাৱ হৈছে।
ইয়াৰ বাহিৰে অন্য মুখ্য মনোনয়নৰ ভিতৰত বেলাৰুছৰ এক্টিভিষ্ট শ্বেতলানা শিখানাস্কায়া, মাৰিয়া কলেচনিকভা আৰু ভেৰ’নিকা চেপকাল’ৰ নাম পঠিওৱা হৈছে। এই তিনিজনে সুস্থ নিৰ্বাচনৰ কাৰণে শান্তিপূৰ্ণ বিৰোধ কৰিছিল।
ড’নাল্ড ট্ৰাম্পক কোনে আৰু কিয় মনোনীত কৰিলে?
আপুনি হয়তো জানিব বিচাৰিব যে ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ ন’বেল বঁটাৰ কাৰণে কোনে মনোনীত কৰিলে। ট্ৰাম্পৰ নাম দক্ষিণপন্থী প্ৰগেচ পাৰ্টীৰ সাংসদ ক্ৰিচিয়ান টিবাৰিগে প্ৰস্তাৱ কৰিছে। টিবাৰিগৰ মতে ইজৰাইল আৰু ইউএইৰ মাজত শান্তিৰ বুজাবুজি কৰোৱাৰ ক্ষেত্ৰত কৰা যোগদানৰ কাৰণে তেওঁ ট্ৰাম্পৰ নাম মনোনীত কৰিছে। উল্লেখ্য যে টিবাৰিগে ২০১৯চনতো ট্ৰাম্পৰ নাম উত্তৰ কোৰিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰণনীতিৰ কাৰণে ন’বেল বঁটাৰ কাৰণে মনোনীত কৰিছিল।
এইবছৰ ট্ৰাম্পৰ নাম নমিনেট কৰাৰ ক্ষেত্ৰত টিৰিঙে এই কাৰণ দেখুৱাইছিল যে ট্ৰাম্পে ইৰাকৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ দৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছি। উল্লেখ্য যে, ট্ৰাম্পে যোৱা বছৰ নিজেই উত্তৰ কোৰিয়া আৰু চিৰিয়াত কৰা কামৰ কাৰণে ন’বেল শান্তি বঁটা পোৱা উচিত বুলি দাবী কৰিছিল।












