গৰ্ভৱতী অৱস্থাতে পুনৰ গৰ্ভধাৰণ! মহিলাৰ দ্বৈত গৰ্ভধাৰণৰ বিৰল ঘটনা, জানক সবিশেষ
ৰবাৰ্টছে ৪৩ বছৰীয়া স্বামী ৰাইচৰ সৈতে একেলগে বাস কৰে আৰু তেওঁলোকৰ শিশুৰ কাপোৰৰ প্ৰতিষ্ঠান এটা আছে |
ৰবাৰ্টছে ৪৩ বছৰীয়া স্বামী ৰাইচৰ সৈতে একেলগে বাস কৰে আৰু তেওঁলোকৰ শিশুৰ কাপোৰৰ প্ৰতিষ্ঠান এটা আছে |
- News18 Assam
- Last Updated: February 9, 2021, 4:06 PM IST
ব্ৰিটেইনৰ ৩৯ বছৰীয়া ৰেবেকা ৰবাৰ্টছ মহিলাগৰাকীয়ে তেওঁৰ যমজ সন্তান কন্যা,পুত্ৰ ক্ৰমে ৰোচলি আৰু নুহক তিনি সপ্তাহৰ ব্যৱধানত গৰ্ভধাৰণ কৰিছিল। দুই সন্তানৰ আকাৰে দুয়ো যে যমজ হয়, সেয়া মানিবলৈ সকলোকে অমান্তি কৰোৱাৰ লগতে চিকিত্সা বিজ্ঞানকো আচৰিত কৰিছে। এই চুপাৰফেটাচন ঘটনাটো অত্যন্ত বিৰল আৰু সমগ্ৰ বিশ্বতে এনে ঘটনা বৰ্তমানলৈ ১২ টা মানহে সংঘটিত হোৱাৰ ৰেকৰ্ড আছে।
ডেইলি মেইলৰ মতে, উইল্টচেয়াৰৰ ট্ৰ'ব্ৰিডজৰ বাসিন্দা মাতৃগৰাকী স্তম্ভিত হৈ পৰিছিল, যেতিয়া তেওঁ গম পাইছিল যে, তাই যমজ সন্তান আছে কিয়নো পূৰ্বে কৰা দুটাকৈ স্কেনত দ্বিতীয় ভ্ৰূণৰ কোনো লক্ষণে দেখা পোৱা নাছিল। সংবাদ ৱেবছাইটৰ সৈতে কথা পাতি ৰবাৰ্টছে কৈছিল যে, গৰ্ভৱতী হৈ থাকোতে পুনৰ গৰ্ভধাৰণ কৰাটো সম্ভৱ বুলি তেওঁৰ কোনো সময়তে ধাৰণাই কৰা নাছিল ।
এই দম্পত্তিহালৰ ১৪ বছৰীয়া চামাৰ নামৰ আন এগৰাকী কন্যা সন্তানো আছে। দম্পত্তিয়ে এই সম্পৰ্কে জেনেটিক কাৰণ অস্বীকাৰ কৰিবলৈ পৰীক্ষা কৰিছিল কিন্তু পাচত জনোৱা হৈছিল যে 'দ্বৈত গৰ্ভধাৰণ'ৰ কাৰণটো হ'ব পাৰে মহিলাগৰাকীয়ে গ্ৰহণ কৰা এবিধ উৰ্বৰ ঔষধ যাৰ ফলত তেওঁ গৰ্ভৱতী হৈ থাকোতে পুনৰ ডিম্ব এৰি দিব পাৰে।
অৱশ্যে, একাংশ বিশেষজ্ঞ বৰ্তমানেও চুপাৰফেটাচন সম্পৰ্কত সন্দেহজনক স্থিতিত আছে |
উল্লেখ্য যে, চুপাৰফেটাচনৰ অন্তিমটো ঘটনা ২০১৬ চনত পোহৰলৈ আহিছিল। যেতিয়া এগৰাকী অষ্ট্ৰেলিয়াৰ মহিলাই ১০ দিনত দুবাৰ গৰ্ভৱতী হৈছিল আৰু ১০ দিনৰ ব্যৱধানত জন্ম দিছিল যমজ কন্যা সন্তানৰ ।












