News18 AssamNews18 Assam
|
News18-Assam Updated:January 14, 2021, 3:20 PM IST
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ House of Representativeত গৃহীত হ’ল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰহণ কৰা মহাঅভিযোগৰ প্রস্তাৱ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ House of Representativeত গৃহীত হ’ল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰহণ কৰা মহাঅভিযোগৰ প্রস্তাৱ।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ House of Representativeত গৃহীত হ’ল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰহণ কৰা মহাঅভিযোগৰ প্রস্তাৱ। ইয়াৰ পিছত দুবাৰকৈ মহা অভিযোগ উত্থাপন হোৱা ট্ৰাম্প হৈ পৰিল প্ৰথমগৰাকী ৰাষ্ট্ৰ প্ৰধান। আমেৰিকাৰ ইতিহাসত মহাঅভিযোগৰ প্ৰস্তাৱ গৃহীত হোৱা তেওঁ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি। ইয়াৰ আগতে বিল ক্লিণ্টন আৰু এন্দ্ৰিঅ’ জনচনৰ বিৰুদ্ধে মহাঅভিযোগৰ প্ৰস্তাৱ মাৰ্কিন সদনত গৃহীত হৈছিল। আজিৰ প্রস্তাৱত মহাঅভিযোগৰ সপক্ষে ২৩২টা ভোট পৰে আৰু বিপক্ষে ১৯৭টা ভোট পৰে। ড’নাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টীৰ ১০জন সদস্যই ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে বিচাৰ-প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পোষকতা কৰি মহা অভিযোগৰ সপক্ষে ভোট দিয়ে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হয় মতদান প্ৰক্ৰিয়া।
ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে প্ৰৰোচনামূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। যাৰ ফলত কেপিটল হিলত বহুলোকে অনধিকৃত ভাৱে প্ৰৱেশ কৰি সংঘৰ্ষৰ সূচনা কৰিছিল। ট্ৰাম্পৰ সমৰ্থক বুলি দাবী কৰা দুষ্কৃতিকাৰীৰ এনে কার্যত সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে চিনেটত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। উল্লেখযোগ্য যে, অহা জানুৱাৰীৰ ২০ তাৰিখে ট্ৰাম্পে এৰিব লাগিব হোৱাইট হাউচ। নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে সেইদিনা দায়িত্বভাৰ গ্ৰহণ কৰিব।
১৯৯৯ চনত তদানীন্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ বিৰুদ্ধে মহাঅভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছিল। ক্লিন্টনে মণিকা লীৱিনস্কীৰ সৈতে যৌন সম্পৰ্ক ৰখাৰ সম্বন্ধীয় এক অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে বিচাৰ-প্ৰক্ৰিয়া যৌন সম্পৰ্ক ৰখাৰ কাৰণে হোৱা নাছিল; বৰঞ্চ তেওঁ তেনে কোনো সম্পৰ্ক নাই বুলি মিছা কথা কোৱাৰ কাৰণে হৈছিল।