চকুত চকুপানী, খাবলৈ দিলেও নাখায়! হাস্পতালৰ ভিতৰত চলিছে মালিকৰ চিকিৎসা, ৬ দিন ধৰি হাস্পতালৰ বাহিৰত পোহনীয়া কুকুৰৰ অপেক্ষা
পোহনীয়া কুকুৰে মালিক সুস্থ হৈ উঠালৈ ৬ দিন ধৰি অপেক্ষা কৰিছে হাস্পতালৰ ভিতৰত।
পোহনীয়া কুকুৰে মালিক সুস্থ হৈ উঠালৈ ৬ দিন ধৰি অপেক্ষা কৰিছে হাস্পতালৰ ভিতৰত।
- News18 Assam
- Last Updated: January 23, 2021, 12:18 PM IST
তেনে এটি পোহনীয়া কুকুৰ শেহতীয়াকৈ চৰ্চালৈ আহিছে। তুৰ্কীৰ পৰা আহিছে এই খবৰ। মালিকৰ প্ৰতি কুকুৰটোৰ মৰম দেখি আচৰিত হ'ব আপুনি। হাস্পতালত মালিকৰ চিকিৎসা চলি আছিল। আৰু মালিক সুস্থ হৈ উঠাৰ অপেক্ষাত ৬ দিন ধৰি হাস্পতালৰ বাহিৰত ৰৈ আছিল পোহনীয়া কুকুৰটো। কুকুৰটোৱে মালিকৰ অসুস্থতাৰ দিন ধৰি ভালকৈ একো খোৱা নাই। আনকি অনবৰতে চকুত দেখা গৈছে চকুপানী। কুকুৰটোৰ এটা ভিডিঅ' এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
only in turkiye 🥺🐶🥺
a man was hospitalized in trabzon province of turkiye. and his dog waited his owner in front of the hospital for five days. some staff of the hospital took care of him while he was waiting. pic.twitter.com/tzk8a1bQa2
— the istanbulist (@istanbulism) January 19, 2021
finaly, they came together. 😊 pic.twitter.com/qP12L3st9M
— the istanbulist (@istanbulism) January 19, 2021
আৰু পিছত যেতিয়া মালিক কিছউ পৰিমাণে সুস্থ হৈ উঠে, তেতিয়া কুকুৰটোৰ সৈতে মালিকৰ মুহূৰ্তটোৱে সকলোকে আবেগিক কৰি তোলে।












