‘পিছৰটো পুত্ৰ সন্তান হ’ব, নাম ৰাখিবা ৰোশন’ – ধোনীক লৈ বৃদ্ধাৰ Viral Video

News18 Assam | News18-Assam
Updated:January 24, 2021, 1:57 PM IST
‘পিছৰটো পুত্ৰ সন্তান হ’ব, নাম ৰাখিবা ৰোশন’ – ধোনীক লৈ বৃদ্ধাৰ Viral Video
মুম্বাইত ধোনীয়ে এক বিজ্ঞাপনৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল। তাতেই তেওঁৰ সৈতে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই দেখা কৰিবলৈ আহে।

মুম্বাইত ধোনীয়ে এক বিজ্ঞাপনৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল। তাতেই তেওঁৰ সৈতে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই দেখা কৰিবলৈ আহে।

  • Share this:
মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাইছে। কিন্তু আজিও ধোনীৰ অনুৰাগীৰ সংখ্যা কমা নাই। মাহীৰ এটা ভিডিঅ’ মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’ত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ সৈতে কথা পাতিছে ধোনীয়ে। ভি়ডিঅ’ত মহিলাগৰাকীয়ে সুধিছে ধোনীৰ কেইটা সন্তান? ধোনীয়ে কৈছে এটি কন্যা সন্তান। ইয়াৰ পিছত মহিলাগৰাকীয়ে কৈছে ইয়াৰ পিছৰটো সন্তান পুত্ৰ হ’ব। তেতিয়া তাৰ নাম ৰোশন ৰাখিবা।

মুম্বাইত ধোনীয়ে এক বিজ্ঞাপনৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল। তাতেই তেওঁৰ সৈতে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই দেখা কৰিবলৈ আহে। ধোনীয়ে শ্বুটিং কৰি ওলোৱাৰ সময়ত মহিলাগৰাকীৰ সৈতে সাক্ষাৎ কৰে। মহিলাগৰাকীয়ে ধোনীক আশীৰ্বাদ দিয়ে।

চাওক ধোনীৰ সৈতে মহিলাগৰাকীৰ সাক্ষাতৰ ভিডিঅ’টো :










View this post on Instagram






A post shared by RANCHI BIGGEST FAN CLUB (140K) (@maahi7.7.81)





মহিলাগৰাকী ধোনীৰ সৈতে কথাও পাতে বহু। তেওঁ জনায় যে তেওঁলোকৰ ৫ হাজাৰ বৰ্গফুটৰ দোকান আৰু ৫ পুত্ৰ আছে। এতিয়া তেওঁ নাতি–নাতিনীৰ সৈতে সময় কটায়। ধোনীয়ে তেতিয়া কয় যে এয়াই আটাইতকৈ ভাল সময় জীৱনৰ। তেওঁ কয় এই সময়খিনি নাতি–নাতিনীৰ সৈতে কটোৱা উচিত। তাৰ পিছত বৃদ্ধাগৰাকীয়ে সোধে ধোনীৰ কেইটা সন্তান আছে? ধোনীয়ে কয় এটি কন্যা সন্তান। তাৰ পিছত মহিলাগৰাকীয়ে ইয়াৰ পিছত যদি তেওঁৰ পুত্ৰ সন্তান হয় তেন্তে ৰোশন নাম দিবলৈ কয়।
Published by: Sanjay Kumar Das
First published: January 24, 2021, 1:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি