স্বামীৰ ডিঙিত কুকুৰৰ শিকলি বান্ধি ৰাজপথত ঘূৰালে পত্নীয়ে, দৃশ্য ভাইৰেল

News18 Assam | News18-Assam
Updated:January 15, 2021, 10:02 AM IST
স্বামীৰ ডিঙিত কুকুৰৰ শিকলি বান্ধি ৰাজপথত ঘূৰালে পত্নীয়ে, দৃশ্য ভাইৰেল
কোৰোণাৰ দ্বিতীয় ষ্ট্ৰেইনৰ ফলত কানাডাৰ কুইবেক চহৰত নিশা ৮ বজাৰ পিছত জাৰি কৰা হৈছে সান্ধ্য আইন।

কোৰোণাৰ দ্বিতীয় ষ্ট্ৰেইনৰ ফলত কানাডাৰ কুইবেক চহৰত নিশা ৮ বজাৰ পিছত জাৰি কৰা হৈছে সান্ধ্য আইন।

  • Share this:
কোৰোণাৰ হাহাকাৰ কিছু কমিছিলহে মাত্ৰ, ইয়াৰ মাজতে আহিছে কোৰোণাৰ দ্বিতীয় ষ্ট্ৰেইন! গৱেষকসকলে কৈছে এই ষ্ট্ৰেইন আৰু বেছি ভয়ংকৰ। ফলত এইবাৰ বিশ্বৰ নানা প্ৰান্তত নতুনকৈ জাৰি কৰা হৈছে লকডাউন। জাৰি কৰা হৈছে কঠোৰ কোভিড বিধি! আকৌ এবাৰ ঘৰৰ ভিতৰত বন্দী জনতা!

এই পৰিস্থিতিত ঘৰৰ বাহিৰত ওলোৱাৰ বাবে এক অদ্ভুত কাম কৰিলে কানাডাৰ এগৰাকী মহিলাই। নিজৰ স্বামীৰ ডিঙিত কুকুৰৰ শিকলি বান্ধি ৰাজপথত ওলাল এগৰাকী মহিলা। মহিলাগৰাকীয়ে খোজ কাঢ়ি গৈছে, লগে লগে কুকুৰৰ দৰে খোজ কাঢ়িছে স্বামীয়ে, ডিঙিত কুকুৰৰ শিকলি।



কোৰোণাৰ দ্বিতীয় ষ্ট্ৰেইনৰ ফলত কানাডাৰ কুইবেক চহৰত নিশা ৮ বজাৰ পিছত জাৰি কৰা হৈছে সান্ধ্য আইন। অৱশ্যে পোহনীয়া কুকুৰ লৈ ওলোৱাত বাধা নাই। সেয়েহে স্বামীৰ সৈতে নিশা ঘূৰিবলৈ যোৱাৰ বাবে এই অভিনৱ পন্থা ল’লে পত্নীয়ে। কিন্তু এই কাণ্ডৰ পিছত তেওঁলোক ৰেহাই নিদিলে আৰক্ষীয়ে! জৰিমনা বিহিলে ১৫০০ ডলাৰ।
Published by: Sanjay Kumar Das
First published: January 15, 2021, 10:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি