কি আচৰিত! কামৰ পৰা ওলাই যোৱাৰ অজুহাত বিচাৰি নিজে নিজক কৰিলে অপহৰণ, এতিয়া কাৰাবন্দী
কামৰ পৰা আঁতৰি থাকিবলৈ যুৱকজনে ৰচিলে এখন নাটক। কামৰ পৰা ওলাই যাবলৈ নিজে নিজক কৰিলে অপহৰণ।
কামৰ পৰা আঁতৰি থাকিবলৈ যুৱকজনে ৰচিলে এখন নাটক। কামৰ পৰা ওলাই যাবলৈ নিজে নিজক কৰিলে অপহৰণ।
- News18 Assam
- Last Updated: February 24, 2021, 12:50 PM IST
কামৰ পৰা আঁতৰি থাকিবলৈ যুৱকজনে ৰচিলে এখন নাটক। কামৰ পৰা ওলাই যাবলৈ নিজে নিজক কৰিলে অপহৰণ।
দেইলি মেইলৰ মতে, ১৯ বছৰীয়া ব্ৰেণ্ডন চোলেছে কামৰ পৰা ওলাই যাবলৈ নিজৰ ভুৱা অপহৰণৰ নাটক কৰিছিল। আৰক্ষীয়ে জনায় যে, তেওঁলোকে এটা ৱাটাৰ টাৱাৰৰ ওচৰত টায়াৰ ফেক্টৰীত কাম কৰা চোলেছক বিচাৰি পাইছিল। তেওঁৰ হাত বেল্টেৰে বান্ধি থোৱা হৈছিল আৰু তেওঁৰ মুখতো কাপোৰ ভৰাই থোৱা হৈছিল। সেই স্থানেৰে পাৰ হৈ যোৱা এগৰাকী লোকে চোলেছক এনে অৱস্থাত প্ৰত্যক্ষ কৰিছিল।
অৱশ্যে যেতিয়া কুলীজ পৰীক্ষকে এই সম্পৰ্কত তদন্ত কৰাত তেওঁলোকে কোনো প্ৰমাণ পোৱা নাছিল যে চোলেছৰ সৈতে অপহৰণ বা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। তদন্তকাৰী দলে আনকি চোলেছৰ কাহিনীৰ সৈতে মিল খাবলৈ নিৰীক্ষণ ভিডিঅ' চাবলৈও চেষ্টা কৰিছিল কিন্তু এই সকলোবোৰ সঁচা হোৱাৰ কোনো লক্ষণ দেখা নাছিল।
স্থানীয় প্ৰশাসনৰ মতে, পিছত কুলীজ পৰীক্ষকে চোলেছেক আৰক্ষীৰ ওচৰত গতাই দিয়ে আৰু য'ত চোলেছে স্বীকাৰ কৰে যে কামৰ পৰা ওলাই যোৱাৰ অজুহাত বিচাৰি এই স্বৰচিত কাহিনীৰ সহায় লৈছিল তেওঁ। যাৰ বাবে ১৭ ফেব্ৰুৱাৰীত ভুৱা প্ৰতিবেদনৰ বাবে গ্ৰেপ্তাৰ কৰা হয় চোলেছক।
এজন বিষয়াই এ বি চিক জনোৱা তথ্য অনুসৰি, চোলেছে প্ৰথমে নিজৰ মুখত কাপোৰ ভৰাই দিছিল আৰু তাৰ পিছত নিজৰ বেল্ট খুলিছিল আৰু সেই বেল্টেৰে হাত বান্ধিছিল। তাৰ পিছত মাটিত বাগৰি পৰিছিল আৰু ৰাস্তাৰ কাষলৈ ওলাই গৈ অপেক্ষা কৰিছিল যাতে কোনো লোকে এনে অৱস্থাত তেওঁক প্ৰত্যক্ষ কৰে। এই ঘটনাৰ পিছতে চোলেছক কোম্পানীৰ পৰা অব্যাহতি দিয়া হয়।












