পানী থাকিলেহে আমি জীয়াই থাকিম – Network18ৰ ‘মিছন পানী’ অভিযানৰ অংশ হওক আপুনিও
News18-Assam Updated:July 1, 2019, 10:33 PM IST
এই অভিযানৰ জৰিয়তে পানী সংৰক্ষণৰ বাবে জনসাধাৰণক সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হ’ব। আৰু জনতাক অৱগত কৰোৱা হ’ব কিয় পানী সংৰক্ষণৰ বাবে জলৰক্ষক হোৱাটো প্ৰয়োজনীয়।
এই অভিযানৰ জৰিয়তে পানী সংৰক্ষণৰ বাবে জনসাধাৰণক সজাগ কৰি তোলাৰ প্ৰয়াস কৰা হ’ব। আৰু জনতাক অৱগত কৰোৱা হ’ব কিয় পানী সংৰক্ষণৰ বাবে জলৰক্ষক হোৱাটো প্ৰয়োজনীয়।
- News18 Assam
- Last Updated: July 1, 2019, 10:33 PM IST
দেশৰ ২৫৬ খন জিলাত আৰম্ভ হৈছে মোদী চৰকাৰৰ পানী সংৰক্ষণৰ কাম। এই অভিযানত সহযোগ কৰিছে NETWORK18–এ। #MissionPaani অভিযানেৰে এই মহান উদ্দেশ্যৰ সহযোগী হৈছে NETWORK18। ‘মিছন পানী’ৰ সৈতে সংলগ্ন হৈ আপুনি হওক ‘জলৰক্ষক’।
মোদী চৰকাৰৰ ‘জল শক্তি অভিযান’ৰ প্ৰথম পৰ্যায় ১ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব। দ্বিতীয় পৰ্যায়ৰ অভিযান ১ অক্টোবৰৰ পৰা চলিব ৩০ নৱেম্বৰলৈ। স্বচ্ছ ভাৰত অভিযানৰ দৰেই ইয়াক জনতাৰ সহযোগেৰে চলোৱা হ’ব। এই অভিযানৰ জৰিয়তে এই জিলাসমূহত
এফালে, কেন্দ্ৰীয় চৰকাৰে পানী সংৰক্ষণৰ এই অভিযানক জল আন্দোলনৰ ৰূপ দিয়াত ব্যস্ত, আনফালে সমাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি NEWS18 NETWORK–এ চৰকাৰৰ সৈতে থিয় হৈছে। আৰু দেশজুৰি মিছন পানীৰ আৰম্ভ কৰিছে। মিছন পানীৰ জৰিয়তে আমাৰ লক্ষ্য জনতাক সজাগ কৰা। যাতে জনসাধাৰণে পানী সংৰক্ষণ আৰু সঞ্চয় কৰাত সহযোগ কৰে।
এই অভিযানত আমি দেশজুৰি থকা সংবাদদাতাৰ জৰিয়তে বিশেষজ্ঞৰ ৰায় ল’ম। মানুহক সজাগ কৰি ক’ম যে আমি সকলোৱে জলৰক্ষক হোৱাটো প্ৰয়োজনীয়। বৰষুণৰ পানী সঞ্চয় আৰু পানীৰ অপচয় ৰোধ কৰাৰ দৰে সৰু সৰু পদক্ষেপ ল’ব পাৰো। ইয়াৰ উপৰি আমি সেই সংস্থা আৰু লোকসকলৰ কাম বিশ্বৰ সন্মুখলৈ আনিম, যিয়ে পূৰ্বৰে পৰা পানী সংৰক্ষণৰ কামত জড়িত হৈ আছে। ৬০ কোটি ভাৰতীয় পানীৰ অভাৱত ভুগিছে। আৰু পৰিষ্কাৰ পানীৰ অভাৱত প্ৰতি
বছৰে ২ লাখ লোকৰ মৃত্যু হৈছে। এনে অৱস্থাত সময় থাকোতে আমি দেশৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে পানী সংৰক্ষণৰ কামত জড়িত হওঁ আহক।












