য়ুহানৰ এইগৰাকী মাছ বিক্ৰী কৰা মহিলাৰ পৰা আৰম্ভ হৈছিল কোৰোণাৰ সংক্ৰমণ!
চীনৰ য়ুহান চহৰৰ বাসিন্দা ৫৭ বছৰীয়া ৱেই গায়ক্সিয়ন নামৰ মহিলাগৰাকীক কোৰোণা সংক্ৰমণৰ পেচেণ্ট জিৰ’।
চীনৰ য়ুহান চহৰৰ বাসিন্দা ৫৭ বছৰীয়া ৱেই গায়ক্সিয়ন নামৰ মহিলাগৰাকীক কোৰোণা সংক্ৰমণৰ পেচেণ্ট জিৰ’।
- News18 Assam
- Last Updated: March 29, 2020, 9:34 AM IST
আমেৰিকাৰ বাতৰি কাকত ৱাল ষ্ট্রীট জেনেৰেলৰ এক ৰিপ’ৰ্ট অনুসৰি, চীনৰ য়ুহান চহৰৰ বাসিন্দা ৫৭ বছৰীয়া ৱেই গায়ক্সিয়ন নামৰ মহিলাগৰাকীক কোৰোণা সংক্ৰমণৰ পেচেণ্ট জিৰ’। এই মহিলাগৰাকীক কোৰোণাৰ প্ৰথম চিকাৰ বুলি কোৱা হৈছে। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত এমাহ ধৰি হাস্পতালত আছিল আৰু জানুৱাৰীত সম্পূৰ্ণৰূপে সুস্থ হৈছিল। ৰিপ’ৰ্ট অনুসৰি, ৱেই হুন্নান প্ৰান্তৰ মাছ বজাৰত ঝিংগা মাছ বিক্ৰী কৰিছিল। ১০ ডিচেম্বৰত কোৰোণাত আক্ৰান্ত হৈছিল মহিলাগৰাকী।
মিৰৰত প্ৰকাশিত খবৰ অনুসৰি, ৱেইয়ে ইয়াক সাধাৰণ ফ্লু বুলি ভাবিছিল, কিয়নো তেওঁৰ চৰ্দি–জ্বৰ হৈছিল। মহিলাগৰাকীয়ে এখন স্থানীয় ক্লিনিকলৈ গৈছিল ফ্লুৰ ঔষধ দিয়া হৈছিল। যেতিয়া এই ঔষধেৰে ঠিক নহ’ল তেতিয়া ৱেইয়ে য়ুহানৰ ইলেভেন্থ হাস্পতাললৈ গৈছিল। তাতো সুস্থ নোহোৱাত ১৬ ডিচেম্বৰত য়ুহানৰ আটাইতকৈ ডাঙৰ হাস্পতাল য়ুহান ইউনিয়ন হাস্পতাললৈ নিয়া হৈছিল। পিছত হাস্পতালত পোহৰলৈ আহিছিল যে কেৱল ৱেইয়ে নহয়, হুন্নানৰ বজাৰত কাম কৰা কেইবাজনো লোক বিগত দুই–তিনিদিন ধৰি এইদৰে হাস্পতাললৈ আহিছে। শেষত চিকিৎসকে এই সংক্ৰমণৰ তথ্য লাভ কৰে আৰু সকলোৱে কোৱাৰাণ্টাইন কৰে।












