লকডাউনত গাড়ী ৰখোৱা আৰক্ষীক চেলেকি কোৰোণা ভাইৰাছৰ ভয় দেখুৱালে মহিলাই, চাওক VIDEO
কলকাতাৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা।
কলকাতাৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা।
- News18 Assam
- Last Updated: March 26, 2020, 10:40 AM IST
কলকাতাৰ ছল্টলেকত সংঘটিত হৈছে এই ঘটনা। ড্ৰাইভাৰে চলোৱা গাড়ীত বহি এগৰাকী মহিলা ৰাজপথেৰে গৈ থাকোতে আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰে। লকডাউনৰ সময়ত ব্যক্তিগত বাহনৰ চলাচল ৰাজপথত বন্ধ কৰাৰ সময়ত মহিলাগৰাকীৰ এই কাণ্ড বন্ধ কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰোতে মহিলাগৰাকীয়ে নাভূত–নাশ্ৰুত কাণ্ডটো কৰে। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মতে আৰক্ষীয়ে গাড়ী ৰখাই ড্ৰাইভাৰ জনক প্ৰশ্ন কৰোতে পিছফালৰ আসনৰ পৰা মহিলাগৰাকী ওলাই আহি আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু এই কাৰ্য কৰে। এজন আৰক্ষী বিষয়াক চেলেকাৰ লগতে লিজৰ লেলাৱটি আৰক্ষীৰ ইউনিফৰ্মত সানি দিয়ে অসভ্য মহিলগৰাকীয়ে। ‘এতিয়া তোৰো হ’ব।’ মহিলাগৰাকীয়ে এই কাণ্ড কৰি এনেকৈ চিঞৰাৰ ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
Fraying nerves on Day 4 of the lockdown in West Bengal.
An altercation with the police in Salt Lake town saw a person lick an officer. pic.twitter.com/ykaThwqO98
— Shoaib Daniyal (@ShoaibDaniyal) March 25, 2020












