ভিয়েটনামত এইবাৰ বিক্ৰী হৈছে কোৰোণা ভাইৰাছ বাৰ্গাৰ
স্থানীয় বিশ্বাসমতে যি বস্তুলৈ ভয় লাগে সেই বস্তু ভক্ষণ কৰিব লাগে।
স্থানীয় বিশ্বাসমতে যি বস্তুলৈ ভয় লাগে সেই বস্তু ভক্ষণ কৰিব লাগে।
- News18 Assam
- Last Updated: March 28, 2020, 2:23 PM IST
কিন্তু কিয় বিশ্বত ত্ৰাস সৃষ্টি কৰা কোৰোণা ভাইৰাছ সদৃশ বাৰ্গাৰ বনাই বিক্ৰী কৰিছে টুঙে ? টুঙৰ মতে ভিয়েটনামৰ লোককথা অনুসৰি যি বস্তুলৈ ভয় লাগে সেই বস্তু ভক্ষণ কৰা উচিত; গতিকে সন্ত্রাসী ভাইৰাছটোকলৈ ভীতিগ্ৰস্ত হৈ থকা লোকক কিছু আনন্দ আৰু মনোবল প্ৰদান কৰিবলৈ তেওঁ এই প্ৰচেষ্টা হাতত লৈছে ।
ফেব্ৰুৱাৰী মাহত ভিয়েটনামত ১৬ জন লোক Covid-19 ত আক্ৰান্ত হৈছিল । গোটেই কেইজন এতিয়া সুস্থ । পুনৰ বর্তমান ১৬৩ জন আক্ৰান্ত হৈছে । এতিয়ালৈকে এজনৰো মৃত্যু হোৱা নাই । আনহাতে হানই আৰু হোঁ চি মীন চিটিত প্ৰশাসনে মাথোঁ অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকান সমূহকহে খুলি ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে । তথাপিও এই কোৰোণা ভাইৰাছ আকৃতিৰ বাৰ্গাৰ পোৱা দোকান খনৰ লগতে আন কিছু খাদ্য বিক্ৰী কৰি দোকান এতিয়া বন্ধ হোৱা নাই ।












