কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৫,৯০০ কোটি টকা সাহায্য আগবঢ়াব গুগলে
পিচায়ে নিজৰ ব্লগ পোষ্টত লিখিছে, ‘বিশ্বজুৰি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক গুগল এড ক্ৰেডিটৰূপে ৩৪ কোটি ডলাৰ দিয়া হ’ব।
পিচায়ে নিজৰ ব্লগ পোষ্টত লিখিছে, ‘বিশ্বজুৰি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক গুগল এড ক্ৰেডিটৰূপে ৩৪ কোটি ডলাৰ দিয়া হ’ব।
- News18 Assam
- Last Updated: March 29, 2020, 1:35 PM IST
সুন্দৰ পিচায়ে টুইট কৰি এই কথা সদৰি কৰিছে। পিচায়ে নিজৰ ব্লগ পোষ্টত লিখিছে, ‘বিশ্বজুৰি ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ক গুগল এড ক্ৰেডিটৰূপে ৩৪ কোটি ডলাৰ দিয়া হ’ব।
We’re committing $800M+ in new #COVID19 response efforts, incl $340M in @GoogleAds credits for SMBs worldwide, $250M in ad grants for @WHO & 100+ govt orgs globally, a $200M investment fund for NGOs & banks to help small businesses access capital, and more https://t.co/oVj6MMs9Bl
— Sundar Pichai (@sundarpichai) March 27, 2020
কোৱা হৈছে যে ইয়াৰ নটিফিকেচন তেওঁলোকৰ গুগল এড একাউণ্টত দেখা যাব। ইয়াৰ উপৰি, বিশ্ব স্বাস্থ্য সংস্থা আৰু ১০০তকৈও অধিক চৰকাৰী এজেন্সীক ২৫ কোটি ডলাৰৰ বিজ্ঞাপন সাহায্য দিয়া হ’ব। এনজিঅ’ আৰু বেংকৰ বাবে ২০ কোটি ডলাৰৰ বিনিয়োগ কোষ বনোৱা হ’ব, যিয়ে এনজিঅ’ আৰু বিত্তীয় প্ৰতিষ্ঠানক সহায় কৰিব যাতে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব পাৰে।












