প্ৰধানমন্ত্ৰী সাহায্য কোষলৈ ৫০১ টকা দিয়া ব্যক্তিক প্ৰধানমন্ত্ৰী দিলে উত্তৰ, কি ক’লে মোদীয়ে?
প্ৰধানমন্ত্ৰীয়ে এজন ছাত্ৰই দিয়া ১০০০ টকাৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে দেশৰ ভৱিষ্যতে ৰাষ্ট্রৰ ভৱিষ্যৎ সুনিশ্চিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এজন ছাত্ৰই দিয়া ১০০০ টকাৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে দেশৰ ভৱিষ্যতে ৰাষ্ট্রৰ ভৱিষ্যৎ সুনিশ্চিত কৰিছে।
- News18 Assam
- Last Updated: March 29, 2020, 8:26 AM IST
এজন লোকে এই কোষলৈ ৫০১ টকা অৱদান আগবঢ়াই টুইটাৰযোগে এয়া ‘এক ক্ষুদ্ৰ ধনৰাখি’ অভিহিত কৰাত প্ৰধানমন্ত্ৰী মোদীয়ে সেই লোকজনক উত্তৰ দিয়ে – ‘একোৱেই সৰু বা ডাঙৰ নহয়।’ মোদীয়ে কয় – ‘প্ৰতিটো অৱদানেই গুৰুত্বপূৰ্ণ। এয়া কোভিড–১৯ক হৰুৱাবলৈ আমাৰ সামূহিক সংকল্প সূচায়।’
প্ৰধানমন্ত্ৰীয়ে এজন ছাত্ৰই দিয়া ১০০০ টকাৰ অৱদানৰ বাবে ধন্যবাদ জনাই কয় যে দেশৰ ভৱিষ্যতে ৰাষ্ট্রৰ ভৱিষ্যৎ সুনিশ্চিত কৰিছে। উল্লেখযোগ্য দেশৰ এই পৰিস্থিতিত আৰ্থিক সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহিছে দেশৰ বিভিন্ন ব্যক্তি।












