কেৰালাৰ পৰা নগাঁৱলৈ ঘুৰি অহা সহস্ৰাধিক শ্ৰমিকক লৈ উদ্বিগ্ন জিলা প্ৰশাসন, জিলাখনত লকডাউনৰ ব্যাপক উলংঘন
শুকুৰবাৰে বজাৰ খোলাৰ পিছতে অভাৱনীয় পৰিস্থিতি দেখা গৈছিল।
শুকুৰবাৰে বজাৰ খোলাৰ পিছতে অভাৱনীয় পৰিস্থিতি দেখা গৈছিল।
- News18 Assam
- Last Updated: March 27, 2020, 5:01 PM IST

ৰাইজৰ সকাহৰ বাবে ৰাজ্য চৰকাৰে শাক-পাচলিৰ বজাৰ খুলিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আজি নগাঁৱৰ পাইকাৰী বজাৰ, বৰবজাৰ আদিত সৃষ্টি হ'ল ব্যাপক জনসমাগমৰ। প্ৰশাসনৰ সামাজিক দূৰত্বৰ নিৰ্দেশক ভৰিৰে মোহাৰি একাংশই বজাৰত ভিৰ দি বাট নোপোৱা অৱস্থা কৰিলে।

তীব্ৰ জনসমাগম নিয়ন্ত্ৰনৰ বাবে বজাৰত উপস্থিত হয় সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়কগৰাকীয়ে ৰাইজক জনসমাগম পৰিহাৰ কৰিবলৈ হাতযোৰ অনুৰোধ জনোৱাৰ পিছতো একাংশ লোক ঘটনাস্থলীৰ পৰা আতৰি নোযোৱাত জিলা প্ৰশাসনে লাঠী চালনা কৰিবলৈ বাধ্য হয়। জনসমাগম নাইকীয়া কৰিবলৈ নগাঁও আৰক্ষীয়ে বৰবজাৰৰ মাছৰ বজাৰত লাঠীচালনা কৰে।













