স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা, আপুনি জনাটো অতি প্ৰয়োজন
দেশৰ আন ৰাজ্যৰ লগতে অসমতো কোৰোণাক প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে উপযুক্ত ব্যৱস্থা।
দেশৰ আন ৰাজ্যৰ লগতে অসমতো কোৰোণাক প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে উপযুক্ত ব্যৱস্থা।
- News18 Assam
- Last Updated: March 26, 2020, 11:00 AM IST
১) GMCHত কেৱল কোৰোণা আক্ৰান্ত লোকৰ চিকিৎসা চলিব। ৩০খন নতুন ICU বেডৰ ব্যৱস্থা।
২) MMCHত কোৰোণাৰ চিকিৎসাৰ বাবে ১৫০ বিছনা। ১০খন আই চি ইউ বিছনা সাজু। MMCHত প্ৰসূতি আৰু সংলগ্ন বিভাগৰ বাহিৰে আন সকলো বিভাগ বন্ধ।
৪) সোণাপুৰত থকা জিলা হাস্পতাল কেৱল কোৰোণা চিকিৎসাৰ বাবে সাজু৷ নতুনকৈ ১০খন ICU বেড সংযোজন৷
৫) গুৱাহাটীৰ কালাপাহাৰত থকা Infectious Diseases Hospitalত কোৰোণাৰ চিকিৎসা হ’ব।
৬) কামৰূপৰ শিঙিমাৰী আদৰ্শ হাস্পতাল, জালুকবাৰীৰ আয়ুৰ্বেদিক হাস্পতাল কেৱল কোৰোণা চিকিৎসাৰ বাবে সাজু৷
৮) অসমক ২০০ ভেণ্টিলেটৰ যোগান ধৰাৰ ঘোষণা টাটাৰ।
৯) অসমৰ বাহিৰত থকা অৱস্থাপন্ন অসমীয়াক ভেণ্টিলেটৰ, Personal Protection Equipment যোগান ধৰাৰ বাবে আহ্বান৷
১০) ৰাজ্যত মুঠ ছখন চিকিৎসালয় Isolation Hospitalলৈ ৰূপান্তৰ।
১১) কোৰোনাৰ বাহিৰে আন ৰোগীৰ চিকিৎসাৰ দায়িত্ব কান্ধ পাতি ল’বলৈ ব্যক্তিগত চিকিৎসালয়ক আহ্বান স্বাস্থ্য মন্ত্ৰীৰ। দৰিদ্ৰ লোকৰ ব্যক্তিগত চিকিৎসালয়ৰ ব্যয় চৰকাৰে পৰিশোধ কৰাৰ প্ৰস্তাৱ।












