কলিয়াবৰৰ কৃষ্ণ মহন্তৰ মহানুভৱতা, Covid19ৰ চিকিৎসালয় নিৰ্মাণৰ কাৰণে আগবঢ়ালে ১০বিঘা ভূমি
অসমৰ স্বাস্থ্য বিভাগক নিজৰ ভূমি দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্ত
অসমৰ স্বাস্থ্য বিভাগক নিজৰ ভূমি দান কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছে কলিয়াবৰৰ ব্যৱসায়ী কৃষ্ণ মহন্ত
- News18 Assam
- Last Updated: March 27, 2020, 10:32 PM IST
মহন্তই নিজৰ ১০ বিঘা মাটি অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দান কৰাৰ ইচ্ছাৰে কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগৰ ওচৰত দাখিল কৰিছে আবেদন। মহন্তৰ ইচ্ছা তেওঁ দান কৰিব বিচৰা ভূমিত নিৰ্মাণ হওক ক’ৰোণাত আক্ৰান্ত ৰোগীৰ বাবে এখন হাস্পতাল।
ইতিমধ্যে মহকুমাধিপতি বিতোপন নেওগেও অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীলৈ এই বিষয়ে অৱগত কৰি পত্ৰ প্ৰেৰণ কৰিছে। কলিয়াবৰৰ কৃষ্ণ মহন্তৰ এই মহানুভৱতাক বৰ্তমান শলাগিছে সকলোৱে। উল্লেখযোগ্য যে, কৃষ্ণ মহন্ত হ’ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ।












