২০কোটি মহিলাৰ একাউণ্টত সোমাব ধন, ৮কোটি মহিলাই ৩মাহলৈ পাব বিনামূলীয়া ৰন্ধন গেছ, জানক বিত্ত মন্ত্ৰীৰ ঘোষণা
Source-Google
কোৰোণা ভাইৰাছৰ চিন্তাৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে কৰিছে ডাঙৰ ঘোষণা।
- News18 Assam
- Last Updated: March 26, 2020, 4:01 PM IST
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা
বিত্ত মন্ত্ৰীয়ে সংবাদমেলত কয় যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে ৮০ কোটি মানুহে সুলভ মূল্যতে লাভ কৰিব খাদ্য সামগ্ৰী। চৰকাৰে কয় যে কোৰোণা ভাইৰাছৰ বাবে কোনো গৰীব লোকে খাদ্যক লৈ চিন্তা কৰিব নালাগে। গৰীৱসকলে ৫ কিলোগ্ৰামকৈ অতিৰিক্ত খাদ্য সামগ্ৰী ৩ মাহৰ বাবে বিনামূলীয়াকৈ পাব। বিনামূলীয়াকৈ পাব ১ কিলোগ্ৰাম দাইল। আটা, চাউলৰ লগতে দাইলো পাব গৰীৱ লোকে।
চৰকাৰে কোৰোণা ভাইৰাছৰ সৈতে যুঁজত অৱদান আগবঢ়োৱা স্বাস্থ্য কৰ্মীক ৫০ লাখ টকাৰ বীমা দিয়া কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে লাভান্বিত হ’ব চিকিৎসক, পেৰামেডিক আৰু স্বাস্থ্য কৰ্মীসকল।
৮.৬৯ কোটি কৃষকে পাব ২ হাজাৰ টকাকৈ
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে ৮.৬৯ কোটি কৃষকে লাভ কৰিব ২ হাজাৰ টকাকৈ। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত প্ৰথম কিস্তিৰ ধন লাভ কৰিব।
মনৰেগাৰ অধীনত কাম কৰা শ্ৰমিকৰ দৰমহা বৃদ্ধি। মনৰেগাৰ শ্ৰমিকে এতিয়া ১৮২ টকাৰ সলনি লাভ কৰিব ২০২ টকা। ইয়াৰ জৰিয়তে ৫ কোটি লোক লাভান্বিত হ’ব।
৩ কোটি জ্যেষ্ঠ নাগৰিক, বিধৱালৈ সাহায্য
দৰিদ্ৰ বয়োজ্যেষ্ঠ, গৰীব বিধৱা আৰু গৰীৱ দিব্যাংগক এই কঠিন সময়ত যাতে বিপদত নপৰে তাৰ বাবে ১০০০ টকাকৈ অতিৰিক্তভাৱে তিনি মাহৰ বাবে দিয়া হ’ব। দুটা কিস্তিত ডিবিটিৰ জৰিয়তে বেংক একাউণ্টলৈ যাব এই ধন।
২০ কোটি জনধন যোজনাৰ অধীনৰ মহিলাক ৫০০ টকাকৈ মাহত
প্ৰধানমন্ত্ৰী জনধন একাউণ্টধাৰী মহিলাৰ একাউণ্টত প্ৰতিমাহে ৫০০ টকাকৈ দিয়া হ’ব। ইয়াৰ দ্বাৰা ২০ কোটি মহিলা লাভান্বিত হ’ব। ডিবিটিৰ মাধ্যমেৰে ট্ৰান্সফাৰ কৰা হ’ব এই ধন।
উজ্জলা আঁচনিৰ জৰিয়তে ৩ মাহলৈ বিনামূলীয়া চিলিণ্ডাৰ
কোৰোণা ভাইৰাছৰ চিন্তাৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে কৰিছে ডাঙৰ ঘোষণা। অন্ন–ধন আৰু গেছ চিলিণ্ডাৰৰ চিন্তা নাইকীয়া কৰাৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে। প্ৰায় ৮.৩ কোটি বিপিএল পৰিয়াললৈ উজ্জলা আঁচনিৰ জৰিয়তে ৩ মাহলৈ বিনামূলীয়া এলপিজি চিলিণ্ডাৰ যোগান ধৰা হ’ব।
৩ মাহলৈ চৰকাৰে ভৰিব পি এফৰ ধন
চৰকাৰে আগন্তুক তিনি মাহলৈ এমপ্লয়াৰ আৰু এমপ্লই দুয়োৰে ই পি এফৰ ধন আগবঢ়াব। অৰ্থাৎ দুয়োপক্ষৰ পৰা দিবলগীয়া ১২–১২ শতাংশ অৰ্থাৎ মুঠ ২৪ শতাংশ ধন চৰকাৰে দিব। এয়া সেইসমূহ প্ৰতিষ্ঠানৰ বাবে, য’ত ১০০জনলৈ কৰ্মচাৰী আছে আৰু এই ১০০ কৰ্মচাৰীৰ ৯০ শতাংশই ১৫,০০০ টকাৰ কম দৰমহা লাভ কৰে। ইয়াৰ জৰিয়তে ৮০ লাখতকৈ অধিক কৰ্মচাৰী আৰু ৪ লাখতকৈ অধিক প্ৰতিষ্ঠান লাভান্বিত হ’ব।
পি এফৰ ধন উলিওৱাৰ নিয়ম সলনি
ইয়াৰ উপৰি পি এফৰ ধন উলিওৱাৰ ক্ষেত্ৰতো সকাহ প্ৰদান কৰিছে। বিত্ত মন্ত্ৰীয়ে কয় যে কৰ্মচাৰীয়ে ৩ মাহৰ দৰমহা বা ৭৫ শতাংশ ধন, নিজৰ পি এফ একাউণ্টৰ পৰা উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা ৪.৮ কোটি লোক লাভান্বিত হ’ব।
উল্লেখযোগ্য যে বুধবাৰে কেবিনেট বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সংবাদমেলযোগে ঘোষণা কৰিছিল যে চৰকাৰে ৮০ কোটি লোকক ২৭ টকা কিলোগ্ৰামৰ আটা মাত্ৰ ২ টকাত আৰু ৩৭ টকা কিলোগ্ৰামৰ চাউল মাত্ৰ ৩ টকাত যোগান ধৰিব।












