ৰে’লৰ কেবিন হ’ব আইছ’লেছন ৱাৰ্ড! ভাৰতীয় ৰে’লৱেৰ ব্যতিক্ৰমী পদক্ষেপ
ক’ৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৰ ব্যতিক্ৰমী পদক্ষেপ
ক’ৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৰ ব্যতিক্ৰমী পদক্ষেপ
- News18 Assam
- Last Updated: March 28, 2020, 3:09 PM IST
নন এচি কোৰ্চৰ মুঠ ১০ টা কেবিনক দিয়া হৈছে এই ৰূপ। প্ৰত্যেকটো কেবিনতে মাত্ৰ এটা বাৰ্থ ৰখা হৈছে। লগতে থাকিব তিনিটা শৌচাগাৰ। তাৰে তিনিটা ইণ্ডিয়ান টয়লেট। প্ৰত্যেকটো কেবিনতে এজনকৈ ক’ৰোণাত আক্ৰান্ত ৰোগী থাকিব পাৰিব। লগতে পৃথককৈ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য বিভাগৰ কৰ্মীৰ বাবেও কেবিনৰ ব্যৱস্থা কৰা হৈছে।
আইছ’লেছন ৱাৰ্ড হিচাপে সজাই তোলা কেবিন কেইটাৰ তলৰ বাৰ্থ খন ৰাখি বাকী কেইখন আঁতৰাই দিয়া হৈছে। উল্লেখযোগ্য যে, ৬ এপ্ৰিলৰ ভিতৰত এনেকুৱা ২৮ টা কেবিন আইছ’লেছন ৱাৰ্ড হিচাপে সজাই তোলা হ’ব।












