নগাঁৱৰ পৰা নিজামুদ্দিনলৈ যোৱা ৯গৰাকীৰ স্বাস্থ্যপৰীক্ষাৰ ৰিপৰ্টকলৈ উদ্বিগ্ন জিলা প্ৰশাসন
নগাঁৱৰ ৰূপহী, চামগুৰি, জুৰীয়া আদি অঞ্চলৰ পৰা নিজামুদ্দিনলৈ গৈছিল ২২ গৰাকী লোক
নগাঁৱৰ ৰূপহী, চামগুৰি, জুৰীয়া আদি অঞ্চলৰ পৰা নিজামুদ্দিনলৈ গৈছিল ২২ গৰাকী লোক
- News18 Assam
- Last Updated: April 2, 2020, 12:14 PM IST
যদিহে এই কেইগৰাকীৰ ভিতৰত ক'ৰোণা পজিটিভ ৰোগী পোৱা যায় তেনেহ'লে তেঁওলোকৰ সস্পৰ্শত থকা আন বহু ব্যক্তি ক'ৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। আনহাতে এতিয়াও অসমলৈ ঘূৰি অহা নাই আন ১৩ গৰাকী। ইয়াৰে দুগৰাকী লোক নিজামুদ্দিনত তবলিগি জামাতৰ পিছত পুনৰ মধ্যপ্ৰদেশৰ ভূপাললৈ ৰাওনা হৈছিল।
ইতিমধ্যে এই সন্দৰ্ভত মধ্যপ্ৰদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰিছে অসম চৰকাৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো এই ৯গৰাকী ব্যক্তিয়ে জিলা প্ৰশাসনৰ পৰা তবলিগি জামাতলৈ যোৱা বিষয়টো গোপনে ৰখাৰ চেষ্টা কৰিছিল। এই ৯ গৰাকী ব্যক্তিৰ স্বাস্থ্যপৰীক্ষাৰ প্ৰতিবেদনক লৈ বৰ্তমান উদ্বিগ্ন হৈ পৰিছে নগাঁও জিলা প্ৰশাসন।












