দিন হাজিৰা কৰা লোক আৰু কৰ্মচাৰীৰ বাবে চৰকাৰে ল’ব ডাঙৰ সিদ্ধান্ত, ১ বজাত বিত্তমন্ত্ৰীৰ সংবাদমেল
সংবাদমেলত ১.৫ লাখ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে
সংবাদমেলত ১.৫ লাখ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে
- News18 Assam
- Last Updated: March 26, 2020, 1:07 PM IST
CNBCআৱাজে লাভ কৰা খবৰ অনুসৰি, ইতিমধ্যে এই ৰিলিফ পেকেজৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে। জানিব পৰা মতে, এই বিষয়ত ইতিমধ্যে নৰেন্দ্ৰ মোদী, বিত্তমন্ত্ৰী আৰু ৰিজাৰ্ভ বেংক সহমতত উপনীত হৈছে।
আজি দিনৰ ভাগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে।
সংবাদমেলত ১.৫ লাখ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই পেকেজ অনুসৰি দেশৰ ১০ কোটি দৰিদ্ৰ লোকৰ একাউণ্টত ধনৰাশি ট্ৰেন্সফাৰ কৰাৰ সম্ভৱনা আছে।












