চৰকাৰে দেশৰ ২১কোটি মহিলাৰ একাউণ্টত প্ৰতিমাহে জমা কৰিব এই ধনৰাশি
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলাৰ বাবে জনধন একাউণ্টত তিনি মাহ পৰ্যন্ত ৫০০ টকাকৈ জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলাৰ বাবে জনধন একাউণ্টত তিনি মাহ পৰ্যন্ত ৫০০ টকাকৈ জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
- News18 Assam
- Last Updated: March 26, 2020, 3:58 PM IST
ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে হোৱা ল’ক ডাউনৰ ফলত সাধাৰণ নাগৰিক সমস্যাৰ সন্মুখীন হৈছে। এই লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লৈছে ডাঙৰ সিদ্ধান্ত। মহিলাৰ বাবে জনধন একাউণ্টত তিনি মাহ পৰ্যন্ত ৫০০ টকাকৈ জমা কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ফলত প্ৰায় ২০.৫০ কোটি মহিলা প্ৰত্যক্ষ ভাবে লাভান্বিত হ’ব।