কিছু সকাহ! সাময়িকভাৱে ৰেহাই পাব EMI/লোনৰ পৰা, RBI-লৈ পত্ৰ বিত্ত মন্ত্ৰণালয়ৰ
দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ক’ৰোণাৰ আতংকত এতিয়া লোকচানৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি।
দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ক’ৰোণাৰ আতংকত এতিয়া লোকচানৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি।
- News18 Assam
- Last Updated: March 26, 2020, 11:45 AM IST
মঙলবাৰে বিত্ত বিভাগৰ সচিব দেৱাশীস পাণ্ডাই ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ পত্ৰ লিখি, ই এম আই, সুতৰ হাৰ, লোন পৰিশোধৰ ক্ষেত্ৰত কিছু মাহৰ বাবে সকাহ দিবলৈ পৰামৰ্শ দিছে।
পত্ৰখনত ক’ৰোণা ভাইৰাছৰ ফলত ব্যক্তিবিশেষ বা ব্যৱসায়িক ভাবে যিমানখিনি লোকচানৰ সন্মুখীন হৈছে সেই কথাও উল্লেখ কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিন সমগ্ৰ দেশ তলা বন্ধ কৰাৰ বিষয়টোও উল্লেখ কৰিছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে COVID-19ৰ আতংকৰ ফলত দেশৰ অৰ্থনীতিত হোৱা লোকচানৰ পৰা পৰিত্ৰান পাবলৈ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে নতুন পেকেজ ঘোষণা কৰিব বুলি উল্লেখ কৰে ।লগতে সেই বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু বিত্ত বিভাগৰ কাৰ্যালয়ৰ সৈতেও আলোচনা কৰাৰ কথা উল্লেখ কৰে।












