COVID-19: ভাৰতত মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, আক্ৰান্ত ৬৪৯ জন
সমগ্ৰ বিশ্বত ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস
সমগ্ৰ বিশ্বত ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস
- News18 Assam
- Last Updated: March 26, 2020, 1:41 PM IST
ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ২১ দিনৰ বাবে ল’ক ডাউন ঘোষণা কৰিছে। আজি ল’ক ডাউনৰ দ্বিতীয় দিন।
বুধবাৰৰ দিনটোত আমেৰিকাত সৰ্বাধিক ১৩,৩৪৭জন লোক আক্ৰান্ত হয়। দেশখনত ৬৮২০৩জন লোক আক্ৰান্ত হৈছে এইপৰ্যন্ত। আমেৰিকাত বুধবাৰে মৃত্যু হয় ২৪৭জন লোকৰ। মুঠ মৃত্যুৰ সংখ্যা হয়গৈ ১০২৭। আনহাতে, বুধবাৰৰ দিনটোত স্পেইনত নতুনকৈ আক্ৰান্ত হয় ৭,৪৫৭জন লোক। দেশখনত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪৯ হাজাৰ ৫১৫জন। স্পেইনত বুধবাৰে ৬৫৬জন লোকৰ মৃত্যু হয়। মৃত্যুৰ মুঠ সংখ্যা ৩৬৪৭জন।












