সাৱধান! কোৰোণা ভাইৰাছক লৈ ওলোৱা এই অডিঅ’ মেছেজ শ্বেয়াৰ নকৰিব, হ’ব পাৰে কঠোৰ ব্যৱস্থা

News18 Assam | News18-Assam
Updated:March 26, 2020, 4:21 PM IST
সাৱধান! কোৰোণা ভাইৰাছক লৈ ওলোৱা এই অডিঅ’ মেছেজ শ্বেয়াৰ নকৰিব, হ’ব পাৰে কঠোৰ ব্যৱস্থা
এই মেছেজৰ জৰিয়তে মানুহক ভয় খুওৱাৰ চেষ্টা কৰা হৈছে।

এই মেছেজৰ জৰিয়তে মানুহক ভয় খুওৱাৰ চেষ্টা কৰা হৈছে।

  • Share this:
কোৰোণা ভাইৰাছক লৈ বিশ্বজুৰি এতিয়া ত্ৰাস। এতিয়ালৈকে ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ কবলত। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ভাৰতত এতিয়ালৈ ১৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত একাংশ লোকে শ্বেয়াৰ কৰিছে বিভিন্ন ফেক মেছেজ। এই মেছেজৰ জৰিয়তে মানুহক ভয় খুওৱাৰ চেষ্টা কৰা হৈছে।

বৰ্তমান ছচিয়েল মিডিয়াত এটা অডিঅ’ ক্লিপ ভাইৰেল কৰা হৈছে, য’ত দাবী কৰা হৈছে যে নাগপুৰত এতিয়ালৈকে ৫৯জন কোৰোণা ভাইৰাছৰ চিকাৰ হৈছে। চৰকাৰে এই মেছেজটো ভুৱা আখ্যা দিছে।

প্ৰায় ৪ মিনিট ৫২ ছেকেণ্ডৰ অডিঅ’ ক্লিপটোত দুজন লোকৰ মাজত হোৱা কথোপকথন শুনা গৈছে। ক্লিপটোত কোৱা হৈছে যে কেইবাজনো চিকিৎসকো এই ভাইৰাছৰ বলি হৈছে। কিন্তু এই বাৰ্তালাপৰ ক্লিপটো চৰকাৰে ভুৱা আখ্যা দিছে। অৰ্থাৎ মেছেজটো সম্পূৰ্ণৰূপে ভুৱা।


কোৰোণাৰ ত্ৰাসৰ মাজতে এনেধৰণৰ ভুৱা মেছেজ শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক। অন্যথা আপোনাৰ ওপৰতো হ’ব পাৰে আইনী ব্যৱস্থা।
Published by: Sanjay Kumar Das
First published: March 26, 2020, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি