হাতত কোৱাৰেণ্টাইন ষ্টাম্প, গুৱাহাটীৰ ৰাজপথত উদ্ধাৰ হোৱা ৰাছিয়াৰ যুৱতীক লৈ চাঞ্চল্য

News18 Assam | News18-Assam
Updated:March 26, 2020, 6:43 PM IST
হাতত কোৱাৰেণ্টাইন ষ্টাম্প, গুৱাহাটীৰ ৰাজপথত উদ্ধাৰ হোৱা ৰাছিয়াৰ যুৱতীক লৈ চাঞ্চল্য
‘হোম কোৱাৰেইন্টাইন’ হৈ থকা যুৱতীগৰাকী আছিল মহানগৰীৰ অভিজাত হোটেলত।

‘হোম কোৱাৰেইন্টাইন’ হৈ থকা যুৱতীগৰাকী আছিল মহানগৰীৰ অভিজাত হোটেলত।

  • Share this:
এগৰাকী যুৱতীকলৈ গুৱাহাটী মহানগৰীত চাঞ্চল্য। আমিনা নামৰ ৰাছিয়াৰ যুৱতী এগৰাকীক খ্ৰীষ্টানবষ্টিত উদ্ধাৰ কৰে সাংবাদিক আৰু আৰক্ষীৰ দলে। অসহায় অৱস্থাত খ্ৰীষ্টানবষ্টিৰ বাছ ষ্টেণ্ডত বহি থাকোতে প্ৰথমে সাংবাদিকে প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক। পিছত সাংবাদিকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক।

উল্লেখযোগ্য যে পাঁচমাহ পূৰ্বে ৰাছিয়াৰ পৰা ভাৰতলৈ অহা আমিনা নামৰ যুৱতীগৰাকীয়ে পাঁচ দিন পূৰ্বে তামিলনাডুৰ পৰা গুৱাহাটীলৈ আহিছিল। ‘হোম কোৱাৰেইন্টাইন’ হৈ থকা যুৱতীগৰাকী আছিল মহানগৰীৰ এখন অভিজাত হোটেলত। কিন্তু হোটেলত নিতৌ পাঁচ হাজাৰ টকা ব্যায় কৰিব লগা হোৱাত  অসুবিধাত পৰে যুৱতীগৰাকী। যাৰ ফলত হোটেলৰ পৰা বাহিৰলৈ ওলাই আহে।

এতিয়া যুৱতীগৰাকীৰ স্বাস্থ্য পুনৰ পৰীক্ষা কৰোৱা হ’ব। আৰু যদি সকলো ঠিকে থাকে  তেন্তে তেওঁক কম খৰচৰ হোটেলত থকাৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে আৰক্ষীয়ে।
Published by: Himangshu Bhuyan
First published: March 26, 2020, 6:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি