কোৰোণা নিগেটিভ এগৰাকী মহিলাক ৰখা হৈছে কোভিড কেয়াৰ কেন্দ্ৰত! ছচিয়েল মিডিয়াৰ জৰিয়তে ভয়ংকৰ অভিযোগ মহিলাগৰাকীৰ

News18 Assam | News18-Assam
Updated:July 22, 2020, 2:40 PM IST
কোৰোণা নিগেটিভ এগৰাকী মহিলাক ৰখা হৈছে কোভিড কেয়াৰ কেন্দ্ৰত! ছচিয়েল মিডিয়াৰ জৰিয়তে ভয়ংকৰ অভিযোগ মহিলাগৰাকীৰ

  • Share this:
ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংহাৰী ৰূপ। গুৱাহাটীত প্ৰতিদিনাই ভয়ংকৰ গতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে কোৰোণা নিগেটিভ ৰোগীক কোভিড কেয়াৰ চেণ্টাৰত ৰখাৰ উঠিছে ভয়ংকৰ অভিযোগ। ছচিয়েল মিডিয়া যোগে কোৰোণা নিগেটিভ এগৰাকী মহিলাই উত্থাপিত কৰিছে এই ভয়ংকৰ অভিযোগ।

মহিলাগৰাকীৰ নাম অনিন্দিতা ৰায় ৷ ঘৰ ওদালবাক্ৰাত ৷ ১৪ জুলাইত ‘সাবিত্ৰী ভৰালী কোভিড পৰীক্ষা কেন্দ্ৰ’ত মহিলাগৰাকীৰ স্বাৱ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ কৰাৰ পাছতে মহিলাগৰাকীৰ দেহত কোৰোণা থকাৰ দাবী কেন্দ্ৰটোৰ ৷ তাৰ পাছতে মহিলাগৰাকীক লৈ অহা হৈছিল খানাপাৰা কোভিড কেয়াৰ কেন্দ্ৰলৈ ৷ প্ৰায় ৬ দিন পাৰ কৰাৰ পাছত মহিলাগৰাকীয়ে অনলাইনযোগে প্ৰত্যক্ষ কৰিছিল তেখেতৰ পৰীক্ষাৰ প্ৰতিবেদন৷



ৰিপৰ্ট পৰীক্ষাৰ পিছতে আচৰতি হৈ পৰে মহিলাগৰাকী। কাৰণ ৰিপৰ্ট অনুসৰি মহিলাগৰাকীৰ দেহত নাছিল কোৰোণা ৷ কোৰোণা নিগেটিভ মহিলাগৰাকীক তেন্তে কিয় অনা হৈছিল কোভিড কেয়াৰ কেন্দ্ৰলৈ ? মহিলাগৰাকীৰ স্বাস্থ্য ৰিপৰ্ট সঠিক ভাবে নচোৱাকৈ লৈ অহা হ’ল নেকি কোভিড কেয়াৰ কেন্দ্ৰলৈ ৷

বৰ্তমান খানাপাৰা কোভিড কেয়াৰ কেন্দ্ৰত আছে দুৰ্ভগীয়া মহিলাগৰাকী ৷ কোভিড পজিটিভ ৰোগীৰে ভৰি থকা কেন্দ্ৰটোত মহিলাগৰাকী এতিয়া কোৰোণাৰ আক্ৰান্তত হোৱাৰ চিন্তাত দিন পাৰ কৰিছে।



কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া অস্বীকাৰ কৰিছে মহিলাগৰাকীৰ অভিযোগ। টুইটাৰযোগে মহিলাগৰাকী কোৰোণা পজিটিভ হোৱাৰ তথ্য দাঙি ধৰিছে মন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: July 22, 2020, 1:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি