ক’ৰোণা মানেই মৃত্যু নহয়! ভাৰতত ক’ৰোণা আক্ৰান্ত ৭৮জন বৰ্তমান আৰোগ্য
ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’ব নে ভাৰতবৰ্ষ?
ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’ব নে ভাৰতবৰ্ষ?
- News18 Assam
- Last Updated: March 28, 2020, 3:30 PM IST
বৰ্তমান দেশৰ বহু কেইখন আগশাৰীৰ চিকিত্লয়ৰ পৰা আৰোগ্যসকলক ঘৰলৈ যাবলৈ দিয়া হৈছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰৰ দিনটোত ক’ৰোণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা আছিল ৫০জন। এই সংখ্যা বৰ্তমান বৃদ্ধি হৈ ৭৮ হৈছেগৈ।
উল্লেখযোগ্য যে, ভাৰতবৰ্ষত এতিয়ালৈকে ৮৭৩জন ৰোগী ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। এই স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ চিকিৎসক ডা০ ৰমনে কৈছে যে, ‘ল’ক ডাউনে ভাৰতৰ সামূহিক সংক্ৰমণত বিলম্ব ঘটাইছে।ল’কডাউন সঠিকভাবে পালন নকৰিলে বাঢ়িব বিপদ।’












