এটা পৰিয়ালৰে ১২জন লোক আক্ৰান্ত কোৰোণা ভাইৰাছত, হজৰ পৰা উভতিছিল ৪ সদস্য
ফাইল ফটো
পৰিয়ালটোৰ সৈতে সম্পৰ্কলৈ অহা সকলো লোকৰে নমুনা সংগ্ৰহ কৰি থকা হৈছে।
- News18 Assam
- Last Updated: March 27, 2020, 8:55 AM IST
টাইম্ছ অব ইণ্ডিয়াৰ খবৰ অনুসৰি, এই পৰিয়ালটো ছাংগলী জিলাৰ ইছলামপুৰ গাঁৱৰ বাসিন্দা। প্ৰথমে হজৰ পৰা ওভতা পৰিয়ালটোৰ চাৰিজন সদস্যক আইছ’লেচনত ৰখা হয়। ২৩ মাৰ্চত চাৰিওজনৰে ৰিপ’ৰ্ট পজিটিভ আহিছিল।
২৫ মাৰ্চত পৰিয়ালটোৰ আন ৫জন সদস্যৰ পৰীক্ষা কৰা হয়। এই ৫জনৰ দেহতো কোৰোণা পজিটিভ পোৱা যায়। তাৰ পিছত স্বাস্থ্য বিভাগৰ দলে পৰিয়ালটোৰ আৰু ৩জন লোকক পৰীক্ষাৰ বাবে মাতে। এই তিনিজনৰ দেহতো ধৰা পৰে কোৰোণা পজিটিভ। এইদৰে এটা পৰিয়ালৰে ১২জন সদস্য পৰিছে কোৰোণাৰ কবলত।












