'নিৰ্বাচনৰ পূৰ্বে কা' ৰূপায়ন নহয়, ই নিৰ্বাচনী ৰণকৌশল'- কা' আহিলেই 'জেং' কৰিব জুবিন গাৰ্গে
দেওবাৰে জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় যাত্ৰাৰ শীৰ্ষ গীত
দেওবাৰে জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় যাত্ৰাৰ শীৰ্ষ গীত
- News18 Assam
- Last Updated: January 31, 2021, 10:59 PM IST
দেওবাৰে জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় যাত্ৰাৰ শীৰ্ষ গীত। যাত্ৰাৰ জৰিয়তে অসমীয়া চলচিত্ৰ জগতৰ বহু নজনা কথা জানিব পাৰিব দৰ্শকে। ছবিৰ নিৰ্মাণৰ আঁৰৰ কাহিনীৰ সাক্ষাৎকাৰ ভিত্তিক প্ৰকল্প হ'ল যাত্ৰা। অসমীয়া ছবিৰ ইতিহাস আৰু বৰ্তমান দাঙি ধৰিব এই প্ৰকল্পই।
এই প্ৰকল্পত সমাহাৰ ঘটিব জনপ্ৰিয় আৰু বিশিষ্ট কলা কুশলীৰ। মানস বৰুৱাৰ পৰিকল্পনা আৰু পৰিচালনাৰে শীঘ্ৰেই ইউটিউবত উপলব্ধ হ'ব যাত্ৰা। গীত মুকলি কৰা অনুষ্ঠানত জুবিন গাৰ্গৰ লগতে উপস্থিত থাকে প্ৰাঞ্জল শইকীয়া, চেতনা দাসৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।












