জামিন পাবনে অখিল গগৈয়ে? বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব ৰায়
উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে প্ৰদান কৰিব ৰায়।
উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত খণ্ড বিচাৰপীঠে প্ৰদান কৰিব ৰায়।
- News18 Assam
- Last Updated: January 6, 2021, 9:11 PM IST
যদিও আন বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন পালে, কিন্তু UAPAৰ গোচৰত তেওঁ এতিয়াও জামিন পোৱা নাই আৰু সেই কাৰণেই কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। অখিলৰ বিৰুদ্ধে ‘Unlawful Activities Prevention Act’ৰ দফা ১৮ আৰু ৩৯ৰ অধীনত গোচৰ ৰুজু কৰিছিল NIA-এ। অভিযোগনামাত দুজন পৰিচয় গোপনে ৰখা সাক্ষীৰ ভাষ্যৰ ভিত্তিত অখিল গগৈ আৰু তেওঁৰ সংগঠনৰ মাওবাদী সন্ত্ৰাসবাদীৰে সংযোগ থকাৰ কথা কোৱা হৈছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত তেওঁ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দি দেশৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছিল বুলিও অভিযোগনামাত উল্লেখ কৰা হৈছে ।
২০১৯চনৰ ডিচেম্বৰৰ ১১ তাৰিখে সংসদত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক। সেই সময়তে সমগ্ৰ অসমত আইনখনৰ বিৰুদ্ধে হৈছিল তুমূল প্ৰতিবাদ। প্ৰতিবাদক নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনে । ১২ ডিচেম্বৰৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক উজনি অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।












