- News18 Assam
- Last Updated: June 2, 2020, 1:35 PM IST
ৱাশ্চিংটনঃ আমেৰিকাত বৰ্ণ বৈষম্যৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পিছত আৰক্ষীৰ বিৰুদ্ধে বিক্ষোভে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ কমেও ৪০খন চহৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে নিশা বিক্ষোভকাৰীয়ে হোৱাইট হাউছৰ সমীপৰ বহু ঠাইত অগ্নিসংযোগ কৰে। হোৱাইট হাউছৰ সমীপৰ ঐতিহাসিক চেইণ্ট জন এপিস্কপেল চাৰ্চ (Historic St Johns Church)কো বিক্ষোভকাৰীয়ে অগ্নি সংযোগ কৰাৰ তথ্য প্ৰকাশ। লাফেয়ত স্কোৱাৰৰ ওচৰত বিক্ষোভকাৰীয়ে বহু বিপণী ভাঙি–চিঙি অগ্নি সংযোগ কৰে। উল্লেখযোগ্য যে শণিবাৰে আৰক্ষীয়ে হোৱাইট হাউচৰ বাহিৰত বিক্ষোভকাৰীসকলৰ ওপৰত বৰ্বৰতাৰে লাঠি চাৰ্জ কৰিছিল যিটোৰ ভিডিও আৰু ছবি ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল।
নিউজ চেনেল চিএনএনৰ মতে, ৱাশ্বিংটন সহ ১৫খন চহৰত কমেও ৫হাজাৰ গাৰ্ড মোতায়েন কৰা হৈছে। ইয়াৰোপৰি অতিৰিক্তভাৱে ২হাজাৰ গাৰ্ডক সাজু কৰি ৰখা হৈছে। মিনচ’টাৰ পৰা ভাইৰেল হোৱা দুটা ভিডিওত দেখা গৈছে এটাত আৰক্ষীয়ে বিক্ষোভকাৰীৰ ওপৰত NYPD ক্ৰুজাৰ কাৰ উঠাই দিছে আৰু আনটোত নেচনেল গাৰ্ডে ঘৰত থকা মানুহৰ ওপৰত গুলীবৰ্ষণ কৰিছে। ঘৰৰ ভিতৰলৈ অশ্ৰু বোমাও নিক্ষেপ কৰা হৈছে।
আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মতে বাওপন্থীসকলে এই হিংসাত্মক কাৰ্যত লিপ্ত হৈছে। জৰ্জ ফ্লয়ডৰ স্মৃতি বদনাম কৰিছে দুষ্কৃতিকাৰীয়ে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে Antifa (anti-fascists People) নামৰ সংগঠনটোক হিংসাত্মক ঘটনাৱলীৰ কাৰণে জগৰীয়া কৰি সন্ত্ৰাসবাদী ঘোষণা কৰাৰ সিদ্ধান্তৰ কথা টুইটাৰত উল্লেখ কৰে। উল্লেখযোগ্য যে, আমেৰিকাত ফেচীবাদৰ বিৰোধ কৰাসকলক Antifa কোৱা হয়। এই Antifa আন্দোলন উগ্ৰবাদী, বামপন্থী আৰু ফেচীবাদ বিৰোধী আন্দোলনৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই লোকসকল নৱ নাজী, শ্বেতসকলৰ উচ্চাত্মিকা আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে কণ্ঠ তোলে।