- News18 Assam
- Last Updated: May 30, 2020, 10:10 AM IST
শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক ছেদ কৰিব বুলি জনাইছিল। ট্ৰাম্পে কৈছিল যে, চীনৰ পৰা সংক্ৰমিত হোৱা কোৰোণা ভাইৰাছকলৈ বিশ্ব স্বাস্থ্য সংস্থাই লোৱা স্থিতি দুৰ্ভাগ্যজনক।গতিকে WHOৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে। লগতে হংকঙৰ সৈতেও বিশেষ বাণিজ্যিক সম্পৰ্ক বন্ধ কৰাৰ কথা জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
আৰু ঘোষণাৰ এদিন পিছতে অৰ্থাত্ শনিবাৰে হোৱাট হাউচৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক ছেদ কৰিলে বুলি জনাই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
উল্লেখ্য যে, কিছুদিন ধৰি বিশ্ব স্বাস্থ্য সংস্থাৰ স্থিতিত অসন্তুষ্ট আছিল ট্ৰাম্প। কাৰণ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত আমেৰিকাত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। ট্ৰাম্পে কয় যে, কোৰোণাৰ এনে সংক্ৰমণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা দায়ী। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ দাবী, WHO সম্পূৰ্ণ ৰূপে এতিয়া চীনৰ পৰা পৰিচালিত হৈছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰই আগবঢ়াই ৪৫০ মিলিয়ন ডলাৰ, তাৰ পৰিৱৰ্তে চীনে দিয়ে ৪০ মিলিয়ন ডলাৰ।
‘বিশ্ব স্বাস্থ্য সংস্থাৰ কিছু নীতি-নিয়ম সংশোধন কৰিবলৈ আমেৰিকাৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছিল। কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিলে সংস্থাই। গতিকে আজিৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আমাৰ সম্পৰ্ক ছেদ কৰিছো।’- এনেদৰে কয় ট্ৰাম্পে।