ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

৫ কিঃমিঃ প্ৰতি ছেকেণ্ড গতিৰে পৃথিৱীৰ দিশলৈ গতি কৰিছে উল্কা পিণ্ডই, NASAৰ এলাৰ্ট!

প্ৰায় আধা কিলোমিটাৰ জোৰা উল্কাপিণ্ডটো অতি তীব্ৰ গতিৰে পৃথিৱীৰ দিশলৈ অহাৰ কথা জনাইছে NASA–ই। ইয়াৰ গতি প্ৰতি ছেকেণ্ডত ৫.২ কিলোমিটাৰ বা ১১,২০০মাইল প্ৰতি ঘণ্টা বুলি কোৱা হৈছে। 

ৱাশ্চিংটনঃ নাছাই (NASA) এক এলাৰ্ট জাৰি কৰি কৈছে যে প্ৰায় আধা কিলোমিটাৰ বৃহৎ এক উল্কা পিণ্ড (Asteroid) পৃথিৱীৰ (Earth) দিশলৈ তীব্ৰ গতিৰে আহি আছে।  ইয়াৰ গতি প্ৰতি ছেকেণ্ডত ৫.২ কিলোমিটাৰ বা ১১,২০০মাইল প্ৰতি ঘণ্টা বুলি কোৱা হৈছে। নাছাৰ মতে এই উল্কা পিণ্ড আমেৰিকাৰ এম্পায়াৰ ষ্টেট বিল্ডিঙতকৈ ডাঙৰ আৰু ৬জুনত পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব।

ডেইলী ষ্টাৰৰ প্ৰতিবেদন মতে, নাছাই এই উল্কা পিণ্ডৰ নাম ৰক-163348 (2002 NN4) ৰাখিছে আৰু আশংকা কৰা হৈছে যে এই উল্কা পিণ্ড পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হৈ যাব। এই উল্কা পিণ্ডৰ দৈৰ্ঘ ২৫০ৰ পৰা ৫৭০ মিটাৰৰ মাজত কোৱা হৈছে আনহাতে ই বহলে ১৩৫মিটাৰ। নাছাৰ মতে এই উল্কা পিণ্ড সূৰ্যৰ সমীপেৰে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব। চেণ্টাৰ ফৰ নিয়ৰ আৰ্থ অব্জেক্ট ষ্টাডিজৰ মতে বিগত ২১মে’তো ১.৫কিঃমিঃ বৃহৎ উল্কাপিণ্ড পৃথিৱীৰ যথেষ্ট সমীপেৰে পাৰ হৈ গৈছিল। এনেকুৱা প্ৰায় ২০০০ৰো অধিক উল্কা পিণ্ড আছে। নাছাৰ সংস্থাসমূহে এইসমূহ ট্ৰেক কৰি আছে। এই উল্কাপিণ্ডসমূহৰ পৰা ক্ষয়–ক্ষতিৰ অনুমান নাই।

নাছাৰ মতে এই উল্কা পিণ্ডই পৃথিৱীত খুন্দা মৰাৰ ১শতাংশ সম্ভাৱনাও নাই কিন্তু তথাপিও ইয়াৰ ওপৰত বিজ্ঞানীসকলে তীক্ষ্ন দৃষ্টি ৰাখিছে। নাছাৰ মতে কেতিয়াবা কেতিয়াবা গুৰুত্বাকৰ্ষণৰ কাৰণে এইধৰণৰ উল্কা পিণ্ড পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰে। দেওবাৰে এই উল্কাপিণ্ড পুৱা ৮.২০ মিনিটত পাৰ হ’ব। পৃথিৱীৰ ইমান ওচৰেৰে বৃহৎ উল্কা পিণ্ড ইয়াৰ পিছত ২০২৪বৰ্ষতহে পাৰ হ’ব।

নেচনেল নিয়েৰ আৰ্থ অবজেক্ট ষ্ট্ৰেটেজী বিভাগৰ মতে, এক কিলোমিটাৰতকৈ ডাঙৰ যিকোনো উল্কা পিণ্ড পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰাৰ স্থিতিত সকীয়নি প্ৰদান কৰা হয়। ইমান বৃহৎ উল্কাপিণ্ড পৃথিৱীত খুন্দা মাৰিলে বিনাশ হ’ব পাৰে। ইয়াৰ খুন্দা মৰাৰ ফলত ভূইকঁপ, চুনামী আৰু বিভিন্ন ধৰণৰ বিপৰ্যয় হ’ব পাৰে। ডায়ন’ছৰৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যোৱাৰ আঁৰতো এটা ১০কিলোমিটাৰ প্ৰকাণ্ড উল্কা পিণ্ডৰ খুন্দাই আছিল।

First published: June 2, 2020, 12:08 PM IST