ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

‘তেওঁ নিজৰ পথেৰে গুচি গৈছিল, তাৰ বাবে মোক দোষ নিদিব’ – অনুৰাগীক উত্তৰ সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতাৰ!

ভিন্ন সময়ত সুশান্তৰ অনুৰাগীসকলে অংকিতাৰ সামাজিক মাধ্যমৰ পোষ্টত নিৰন্তৰভাৱে নেতিবাচক মন্তব্য পোষ্ট কৰাৰ লগতে ট্ৰ'ল কৰি আহিছে অংকিতাক।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৰ খবৰে জোকাৰি গৈছিল তেওঁৰ অনুৰাগীসকলক। সুশান্তৰ মৃত্যুক লৈ সমগ্ৰ বলীউদতে লাগিছিল তোলপাৰ। ফাদিল হৈছিল বলীউদী তাৰকাৰ বহু ক'লা অধ্যায়। কিন্তু সুশান্তৰ মৃত্যুৰ বহু মাহ অতিবাহিত হোৱাৰ পিছতো এতিয়াও সুশান্তৰ অনুৰাগীৰ আক্ৰমণৰ বলি হৈ আহিছে সুশান্তৰ প্ৰাক্তন প্ৰেমিকা তথা অভিনেত্ৰী অংকিতা লোখাণ্ডে। ভিন্ন সময়ত সুশান্তৰ অনুৰাগীসকলে অংকিতাৰ সামাজিক মাধ্যমৰ পোষ্টত নিৰন্তৰভাৱে নেতিবাচক মন্তব্য পোষ্ট কৰাৰ লগতে ট্ৰ'ল কৰি আহিছে অংকিতাক।

ছয় বছৰতকৈও অধিক সময় সুশান্ত আৰু অংকিতাৰ আছিল প্ৰেমৰ সম্পৰ্ক, ২০১৬ চনত দুয়োৰে বিচ্ছেদ হৈছিল। বিগত বৰ্ষৰ ১৪ জুনত বান্দ্ৰাৰ এপাৰ্টমেণ্টৰ ভিতৰত সুশান্তক মৃত অৱস্থাত পোৱা গৈছিল।

সোমবাৰে এক ইনষ্টাগ্ৰাম লাইভত অংকিতাই প্ৰকাশ কৰে যে, তেওঁ নিজৰ ৰীল আৰু নৃত্য ভিডিও'ত কিছু নিৰুৎসাহজনক মন্তব্য লাভ কৰে যিসমূহ হজম কৰাটো তেওঁৰ বাবে অতি কঠিন হৈ পৰিছে। লগতে অংকিতাই অনলাইন হেটাৰ্ছসকলক পৰামৰ্শ দিয়ে," যদিহে মোৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপত আপোনালোকৰ সমস্যা হয়, তেন্তে মোক অনুসৰণ নকৰিব।"


অংকিতাই কয়, "যিসকলে আজি মোৰ ফালে আঙুলি তুলি আছে তেওঁলোকে হয়তো মোৰ সম্পৰ্কৰ বিষয়ে একো নাজানিছিল। আৰু যদিহে আপোনালোকৰ তেওঁৰ প্ৰতি ইমান প্ৰেম আছিল, তেন্তে আপোনালোকে এতিয়া কিয় যুঁজ কৰি আছে? আমাৰ সম্পৰ্ক শেষ হোৱাৰ সময়ত আপুনি ক'ত আছিল? আজি, মোক দোষাৰোপ কৰি থকা হৈছে, কিন্তু মোৰ কোনো দোষ নাই। জীৱনত সকলোৰে বিভিন্ন উদ্দেশ্য আছে। সুশান্তই সদায় তেওঁৰ জীৱনত আগুৱাব বিচাৰিছিল আৰু তেওঁ সেইটোৱেই কৰিছিল। তেওঁ নিজৰ পথেৰে গৈছিল। তাৰ বাবে মই কিয় নিজক দোষ দিম? মোৰ ওপৰত কিয় উৎপীড়ন কৰা হৈছে? মই কি ভুল কৰিছিলো? আপোনালোকে নাজানে মোৰ কাহিনীৰ বিষয়ে, সেয়েহে মোক দোষাৰোপ কৰা বন্ধ কৰক। এয়া সঁচাকৈয়ে দুখজনক।"

লগতে অংকিতাই উল্লেখ কৰে "মই হতাশাৰ মাজেৰে দিন পাৰ কৰিছিলো, কিন্তু মই কেতিয়াও এই বিষয়ে কোৱা নাছিলো। মই অতি বেয়া অৱস্থাত আছিলো। মই যথেষ্ট কষ্টত আছিলো। মই বহুত কান্দিছিলো।"

উল্লেখ্য যে, "পবিত্ৰ ৰিষ্টা"ৰ ছেটত প্ৰথমে লগ হৈছিল অংকিতা আৰু সুশান্ত। দুয়োগৰাকীয়ে ডেটিং আৰম্ভ কৰিছিল আৰু সুশান্তে এক চেলিব্রেটিৰ নৃত্য ৰয়েলিটি শ্ব' "ঝালক দিখলা জা"ত অংকিতাক বিবাহৰ প্ৰস্তাৱ দিছিল। ২০১৬ চনত দুয়োয়ে এই প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদ হৈছিল।

Published by: Sanjay Kumar Das
First published: March 2, 2021, 1:13 PM IST