ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

কংগ্ৰেছ-AIUDFৰ মাজত নাই কোনো পাৰ্থক্যঃ ৰূপক শৰ্মা

বিজেপিৰ মিছন ১০০ প্লাছত কোনোধৰণৰ প্ৰভাৱ নপৰেও বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে। 

"কংগ্ৰেছ আৰু AIUDFৰ মাজত কোনো পাৰ্থক্য নাই। সেয়েহে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাই মধ্য অসমত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে।"- এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।

নগাঁৱত সাংবাদিকৰে হোৱা কথা বতৰাত বিজেপিৰ বিধায়কগৰাকীয়ে কয়, 'উজনি অসমৰ আৰু উত্তৰ অসমত এইবেলি কংগ্ৰেছ সম্পূৰ্ণৰূপে নি:শেষ হ'ব। মধ্য অসমতো বিগত নিৰ্বাচনত জয়ী হোৱা আটাইকেইটা সমষ্টিতে  পুনৰ জয়ী হ'ব মিত্ৰজোটৰ প্ৰাৰ্থী। অৱশ্যে দুই এটা সমষ্টিত জনবিন্যাসৰ সুযোগ ল'ব পাৰে কংগ্ৰেছ-এআইইউডিএফে। কিন্তু পূৰ্বৰে পৰা সেইকেইটা সমষ্টি কংগ্ৰেছ-এআইইউডিএফৰ দখলতে আছে। সেয়েহে বিজেপিৰ মিছন ১০০ প্লাছত কোনোধৰণৰ প্ৰভাৱ নপৰেও বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।

ইপিনে নগাঁও সদৰ সমষ্টিত মহাজোঁটে সমস্যাৰ সৃষ্টি কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয়, "যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা থকাৰ পিছতো আমি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ সদৰ সমষ্টিত অগ্ৰগতি লভিবলৈ সক্ষম হৈছিলো। এইবাৰ কংগ্ৰেছৰ অৱস্থা তাতকৈয়ো শোচনীয়। সেয়েহে এইবাৰ নিৰ্বাচনত আমি যথেষ্ট বেছি ভোটত জয়লাভ কৰিম।"

Published by: Himangshu Bhuyan
First published: March 1, 2021, 10:00 PM IST