- News18 Assam
- Last Updated: March 2, 2021, 8:45 AM IST
ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰ অভিমুখী এখন আলুভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত। নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা মহতিয়াই লৈ গ’ল ৰেলিং, গছ, বিদ্যুতৰ খুটা। কথমপি প্ৰাণ কেইবাজনো লোকৰ। অৱশেষত আলু ভৰ্তি ট্ৰাকখন বাগৰি পৰিল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত।
শিলিগুড়িৰ পৰা WB 57 B 9013 নম্বৰৰ ট্ৰাকখনে তেজপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলিঙত খুন্দিয়াই ট্ৰাকখনে। তাৰ পিছত এফালৰ পৰা মহতিয়াই নিয়ে ৰেলিং, গছ, বিদ্যুতৰ খুটা আদি। দুৰ্ঘটনাটোত কিছু পৰিমাণে আহত হৈছে চালক–হেন্দিমেন। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ লগ লাগি ভয়ংকৰ শ্বৰ্ট-চাৰ্কিট হয় ।