ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

লোক সংস্কৃতিৰ গৱেষক, বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা আৰু নাই

লোক-সংস্কৃতিৰ আজীৱন সাধক, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰভাত শৰ্মাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

বিশিষ্ট বাঁহীবাদক, লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মাৰ দেহাৱসান। মঙলবাৰে পুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত শৰ্মাৰ বয়স আছিল ৮৬ বছৰ। শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।


জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ পিতৃ আছিল প্ৰভাত শৰ্মা। তেওঁৰ পিতৃৰ নাম আছিল গিৰীশ চন্দ্ৰ দেৱ শৰ্মা। অসমীয়া লোকগীত আৰু সুৰ সাধক আৰু গৱেষক আছিল প্ৰয়াত শৰ্মা। প্ৰভাত শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্নজনে। বাসগৃহতো বিৰাজ কৰিছে শোকাকুল পৰিৱেশে। মহানগৰীৰ অম্বিকাগিৰি নিগাজিপামৰ বাসগৃহত ভিৰ কৰিছে বহু গুণমুগ্ধই।

লোক-সংস্কৃতিৰ আজীৱন সাধক, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰভাত শৰ্মাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

'ব্লেকমানী', 'সন্তান', 'সন্ধ্যাৰাগ', 'সাৰথি', 'আপোনজন', 'মোহমুক্তি', 'অনল', 'কদমতলে কৃষ্ণ নাচে', 'শ্ৰীমন্ত শঙ্কৰদেৱ ' আদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰিছিল। তদুপৰি দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক 'পথৰুঘাটে ৰিঙিয়ায়' আৰু 'বৃকোদৰ বৰুৱাৰ বিয়া' ত তেওঁ সংগীত পৰিচালনা কৰিছিল।

Published by: Sanjay Kumar Das
First published: March 2, 2021, 10:25 AM IST