ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

আস্থা ভোটত জয়ী প্ৰমোদ বড়ো, সংখ্যাগৰিষ্ঠতা লাভ বিজেপি–ইউপিপিএল–জিএছপি মৰ্চাৰ

বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী।

বিটিচিত আস্থা ভোটত জয়ী প্ৰমোদ বড়ো। আস্থাভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে বিজেপি–ইউপিপিএল–জিএছপি মিত্ৰজোঁটে। হাত দাঙি প্ৰমোদ বড়োৰ প্ৰতি সমৰ্থন।

উল্লেখযোগ্য বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি আস্থা ভোটৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে।

আস্থা ভোটত জয়ী হোৱাৰ পিছত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে বিটিচিত ১৭ বছৰে এখন অগণতান্ত্ৰিক চৰকাৰ চলি আছিল। ইমানবোৰ দুৰ্নীতি–ভ্ৰষ্টাচাৰ, হত্যা–হিংসা হৈ গ’ল, সেইসকলে সেইটো কৰিবই। আমি তাৰ মুখামুখি হৈ ৰাইজক তেনে সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি নিৰ্বাচিত হৈ আহিছো। আমি সকলোকে লগত লৈ সকলো জাতি–জনগোষ্ঠীৰ বাবে কাম কৰি যাম, সুন্দৰ এক প্ৰশাসন গঢ়িম।



‘‘৪০টা সমষ্টিৰে ৰাইজক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। বিপিএফৰ সময়ত যি সমষ্টিত তেওঁলোকৰ এমচিএলএ নাছিল, তাত তেওঁলোকে ৰাইজক বঞ্চিত কৰিছিল। কিন্তু ৪০টা সমষ্টিৰ ৰাইজকে সমান মৰ্যাদা সমান অধিকাৰ দিম।’’ – ক’লে প্ৰমোদ বড়োৱে।

হাগ্ৰামা মহিলাৰীৰ লগতে ৰাইজলৈ বৰদিনৰ শুভেচ্ছা জনাই প্ৰমোদ বড়োৱে কয় যে বিপিএফৰ নিৰ্বাচিত এমচিএলএ সকলেও আগন্তুক দিনত সকলো কামতে সহযোগ কৰি যাব বুলি আমি আশা ৰাখিছো।

Published by: Sanjay Kumar Das
First published: December 24, 2020, 3:24 PM IST