- News18 Assam
- Last Updated: March 2, 2021, 11:27 AM IST
গোৱালপাৰাত ভূমিষ্ঠ হ'ল এটা নতুন ৰাজনৈতিক দলৰ। নাম অসমীয়াৰ দল। কিন্তু দলটো গঠনৰ মূল উদ্দেশ্য শুনিলে তবধ মানিব আপুনি। ৰাজনৈতিক দলটো গঠনৰ উদ্দেশ্য কি জানেনে? নিৰ্বাচনত জয়ী হ'লে অসমবাসীক হেনো নিৰ্ভেজাল খাদ্য খুৱাব দলটোৱে।
গোৱালপাৰাত জিলা সাংবাদিক সন্থাৰ কাৰ্যলয়ত ‘অসমীয়াৰ দলে’ এক সংবাদমেলযোগে দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সদৰী কৰে৷ ৰাইজক জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব হেনো অসমীয়াৰ দলে৷ লগতে অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিস্পত্তি কৰাৰো অংগীকাৰ কৰিছে নৱগঠিত দলটোৱে৷
নৱগঠিত ৰাজনৈতিক দল ‘অসমীয়াৰ দল’ৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈছে মেহবুবৰ ৰহমানৰ নামৰ এগৰাকীয়ে৷ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত দলটোৱে এখন সংবামেল আয়োজন কৰি আগন্তুক নিৰ্বাচনৰ ৰণনীতিৰ লগতে কেতবোৰ আজৱ পৰিকল্পনাৰ কথা সদৰি কৰে৷
দলটোৰ সভাপতি মেহবুবৰ ৰহমানে জনোৱা মতে, দলৰ সদস্য হেনো ৫ হাজাৰ। অথচ এতিয়ালৈকে এখনো জিলা সমিতিও গঠন হোৱা নাই। কিন্তু দলটোৰ লক্ষ্য ৫০ শতাংশ আসনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰতিখন খেতি পথাৰত গঢ়ি তুলিত জৈৱিক সাৰ উৎপাদন কেন্দ্ৰ। ৫০ শতাংশ নিবনুৱাক দিব কৃষি ক্ষেত্ৰত সংস্থাপন। গঢ়ি তুলিব উদ্যোগ।