- News18 Assam
- Last Updated: March 2, 2021, 12:25 PM IST
কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বৰমা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গণ সুৰক্ষা পাৰ্টীৰ মুৰব্বী সাংসদ নৱ কুমাৰ শৰনীয়াক দলীয় সমৰ্থকসকলে বৰমা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। মঙলবাৰে এই কথা জনালে সাংসদ নৱ কুমাৰ শৰনীয়াই।
"মোক আমাৰ দলৰ তৃণমূল কৰ্মী আৰু নেতাই বৰমা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে অনুৰোধ জনাইছে, ময়ো সমষ্টিবাসীৰ মতামত গ্ৰহণ কৰি আছো" – এই মন্তব্য সাংসদ নৱ কুমাৰ শৰনীয়াৰ।
নৱ কুমাৰ শৰণীয়াই লগতে জনায় যে গণ সুৰক্ষা পাৰ্টীয়ে বিটিআৰৰ অন্তৰ্গত তিনিটা সমষ্টি ক্ৰমে বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিটো বিচাৰিছে। বিজেপি নেতৃত্ব আৰু সহযোগী দল ইউপিপিএল নেতৃত্বকো সকলো কথা জনাইছো বুলি কয় সাংসদগৰাকীয়ে।